চাঞ্চল্যকৰ! প্ৰায় ৩ লাখ টকাত গাড়ী চোৰৰ পৰা চুৰি গাড়ী ক্ৰয় খোদ DSPৰ, জব্দ হ’ল ৰহাৰ টােলগেটত

চাঞ্চল্যকৰ! প্ৰায় ৩ লাখ টকাত গাড়ী চোৰৰ পৰা চুৰি গাড়ী ক্ৰয় খোদ DSPৰ, জব্দ হ’ল ৰহাৰ টােলগেটত

October 20, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এইবাৰ চুৰি বাহন ক্ৰয় কৰি বিপদত পৰিল খোদ উপ আৰক্ষী অধীক্ষক।

অসমৰ পৰা চুৰি হোৱা এখন বাহনত যাত্ৰা কৰাৰ সময়তে ৰহাৰ টোলগেটত পোহৰলৈ আহিল বাহনখনৰ চুৰিকাণ্ড।

জানিব পৰা মতে, এএছ ০১ ইজি ৮৩৯১ নম্বৰৰ চেলেৰিঅ’ বাহনখন অসমৰ আচাং চিৰ’ নামৰ এজন লোকৰ পৰা ক্ৰয় কৰিছিল মণিপুৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পি লাংপুইন’য়ে।

এই বাহনখন ডিএছপি গৰাকীয়ে ক্ৰয় কৰাৰ বাবদ প্ৰদান কৰিছিল ২ লাখ ৮৫ হাজাৰ টকা।

কিন্তু ৰহাৰ টোলগেটত চুবুৰীয়া ৰাজ্যখনৰ উপ আৰক্ষী অধীক্ষকগৰাকীয়ে যাত্ৰা কৰা চাৰিচকীয়া বাহনখন যে চুৰিৰ সেয়া নিশ্চিত হয়।

ইফালে চুৰি বাহনখনৰ আগত TOURISM STUDY TOUR MANIPUR বেনাৰ লিখা আন এখন বাহনো আহিছিল।

চুৰি বাহনখনৰ প্ৰকৃত স্বত্বাধিকাৰী লংকাৰ দিপাংকৰ দত্ত বুলি জানিব পৰা গৈছে।

এখন চুৰি বাহন কিদৰে খোদ আৰক্ষী বিষয়াগৰাকীয়ে ক্ৰয় কৰিলে, তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।