চাঞ্চল্যকৰ! বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মেহেৰুণ…

চাঞ্চল্যকৰ! বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মেহেৰুণ…

August 17, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ এগৰাকী কিশোৰী সন্ধানহীন হৈ পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত।

জানিব পৰা মতে, ১৩ আগষ্টত বান্ধৱীৰ ঘৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিল ৰঙিয়াৰ সমীপৰ ততাৰকুছিৰ মেহেৰুণ নেছা (১৫) নামৰ কিশোৰীগৰাকীয়ে।

কিন্তু তাৰ পিছতে নিৰুদ্দেশ হৈ পৰে কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, ৰঙিয়া নগৰৰ ৪নং ৱাৰ্ডৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ পিছতে সন্ধানহীন হয় মেহেৰুণ।

ইফালে যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ থকা কিশোৰীগৰাকীক কোনো দুস্কৃতিকাৰীয়ে অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালে। ইতিমধ্যে পৰিয়ালৰ লোকে মেহেৰুণৰ নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও এতিয়ালৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ।