মহানগৰীত দিন দুপৰতে গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ ৰঞ্জিত বৰাৰ মৃত্যু

মহানগৰীত দিন দুপৰতে গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ ৰঞ্জিত বৰাৰ মৃত্যু

November 21, 2022 Off By NEWS DESK

নিউজ ডেস্ক। বিগত কিছুদিন ধৰি মহানগৰীত অস্ত্ৰধাৰী দুৰ্বৃত্তই যুৱতী-মহিলাৰ সােণৰ আ-অলংকাৰ লুট কৰি নিয়াৰ ঘটনাৰ মাজতে পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।

গুৱাহাটী মহানগৰীত দিন দুপৰতে গুলীচালনাৰ কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যু ব্যৱসায়ী ৰঞ্জিত বৰাৰ।

জানিব পৰা মতে, পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ সমীপত গুলীচালনাৰ ঘটনা।

গ্লেমাৰ বাইকত অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ এজন লোকক গুলীয়াই লুটি নিলে নগদ ধন।

মূৰত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ GMCHত মৃত্যু।

ৱেগ’নাৰ বাহনৰ ভিতৰত আছিল গুলীবিদ্ধ ৰঞ্জিত বৰা।

বেংকত ধন জমা কৰিব আহোতে মূৰত গুলীয়াই কাহিলিপাৰৰ ৰঞ্জিত বৰা নামৰ লোকজনক।

লগে লগে মহানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুলীবিদ্ধ ৰঞ্জিত দাসক GMCH লৈ প্ৰেৰণ কৰে যদিও লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ৰঞ্জিত বৰাৰ বাহনখনৰ নম্বৰ AS01 BH5022।

পূৰবী ডেইৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা।

ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।