চাঞ্চল্যকৰ! ৪ বছৰীয়া প্ৰেমৰ সম্পৰ্কত পৰিয়ালে বিবাহৰ অনুমতি দিয়াৰ পিছতে ভাৱীস্বামীৰ ঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ ৰিম্পীমণিৰ মৃতদেহ…

চাঞ্চল্যকৰ! ৪ বছৰীয়া প্ৰেমৰ সম্পৰ্কত পৰিয়ালে বিবাহৰ অনুমতি দিয়াৰ পিছতে ভাৱীস্বামীৰ ঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ ৰিম্পীমণিৰ মৃতদেহ…

October 20, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ কামৰূপ জিলাৰ চাংসাৰীত প্ৰেমিকৰ ঘৰত প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

দুয়োৰে পৰিয়ালে বিয়াৰ বাবে সন্মতি প্ৰদান কৰাৰ পিছতে এনেদৰে প্ৰেমিকৰ ঘৰত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ ৰহস্যৰো সৃষ্টি হৈছে।

ইফালে যুৱতীগৰাকীৰ পৰিয়ালে প্ৰেমিক তথা পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক যুৱকজনক।

জানিব পৰা মতে, চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত দেউদুৱাৰৰ গিৰীশ কলিতাৰ কন্যা ৰিম্পীমণি কলিতা (২২)ৰ চাংসাৰি ঠেঙাটোলৰ গণেশ দাসৰ পুত্ৰ অংকুৰ দাসৰ বিগত ৪-৫ বছৰৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল।

আনহাতে প্ৰেমিক-প্ৰেমিকাৰ পৰিয়ালৰ লগতো সঘনাই আহ-যাহ চলিছিল। বিশেষকৈ ৰিম্পীমণিয়ে অংকুৰৰ ঘৰলৈ আহি প্ৰায়ে ২-৩ দিনলৈকে থাকি গৈছিল।

শেহতীয়াকৈ শাওন মাহত প্ৰেমিক অংকুৰৰ মাতৃৰ অসুখ হোৱাত ৰিম্পীমণিয়ে পুনৰ প্ৰেমিকৰ ঘৰলৈ আহিছিল আৰু তেতিয়াৰ পৰা তাতেই আছিল।

আনহাতে ইমান দিনলৈ যুৱতীগৰাকী প্ৰেমিকৰ ঘৰতে থকাত ৰিম্পীমণিৰ পৰিয়ালে চিন্তা ব্যক্ত কৰি অংকুৰ দাসৰ ঘৰলৈ আহে আৰু দুয়োটা পৰিয়ালে ক’ৰ্ট মেৰেজৰ সিদ্ধান্ত লয়।

কিন্তু পৰিয়াল দুটাই এই সিদ্ধান্ত লোৱাৰ মাত্ৰ দুদিন পিছতে মঙলবাৰে অংকুৰৰ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

ইয়াৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত।

ৰহস্যজনক পৰিস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ৰিম্পীৰ পিতৃ গিৰীশ কলিতাই হত্যা বা শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ তুলি অংকুৰ দাস আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰেমিক তথা ভাৱীস্বামী অংকুৰ দাসক গ্ৰেপ্তাৰ কৰি যুৱতীগৰাকীৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

আধৰুৱা হৈ ৰ’ল চিকিৎসক হােৱাৰ সপােন, দুৰ্ঘটনাত প্ৰাণ গ’ল MBSSৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ…