চােৰাং গৰু কঢ়িওৱা ট্ৰাকসহ দুজনক আটক আৰক্ষীৰ

নিউজ ডেস্ক। বহিঃৰাজ্যৰ পৰা অসমত অবাধ হাৰত প্ৰৱেশ কৰিছে চােৰাং গৰু। মূলতঃ অসমত প্ৰৱেশ কৰাই বাংলাদেশলৈ চােৰাংকৈ চালান দিয়াৰ লক্ষ্যৰে দীৰ্ঘদিন ধৰি অব্যাহত আছে এই চােৰাং বেহা।

ইপিনে, কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা ১৩ টা উন্নত জাতৰ গৰু জব্দ কৰে লগতে দুজনক আটক কৰে।

জানিব পৰা মতে, পুৱতি নিশা পশ্চিম বংগৰ পৰা UP-12T-3795 ভুৱা নম্বৰৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাক প্ৰৱেশ কৰিছিল।

বহি:ৰাজ্যৰ পৰা গোপনে অনা ১৩ টা উন্নত জাতৰ গৰু বাংলাদেশ অভিমুখে নিয়াৰ পৰিকল্পনা আছিল সৰবৰাহকাৰী চক্ৰৰ।

আৰক্ষীয়ে গােপন সূত্ৰৰ পম খেদি গৰুসহ ট্ৰাকখন জব্দ কৰাৰ লগতে দুজন লােকক আটক কৰে। অৱশ্যে এন্ধাৰৰ সুযােগ লৈ আন এজন সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

Leave a Comment