চােৰৰ টাৰ্গেট আৰক্ষীৰ বুলেট! মহানগৰীত কনিষ্টবলৰ বুলেট লৈ উধাও দুঃসাহসিক বাইক চােৰ

নিউজ ডেস্কঃ মহানগৰীত বাইক চোৰৰ সন্ত্ৰাসৰ মাজতে এইবাৰ চোৰে হাত দিলে আৰক্ষীৰ বুলেটত। গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ পৰা বাইক চোৰে চুৰি কৰি লৈ গ’ল এগৰাকী আৰক্ষী কনিষ্টবলৰ বুলেট বাইক।

জানিব পৰা মতে, শুকুৰবাৰে সংঘটিত হয় এই চুৰিকাণ্ড। অসম আৰক্ষীৰ বিশেষ শাখাৰ কনিষ্টবল দিপাংকৰ কলিতাই তেওঁৰ এএছ ০১ইএইছ ৭২৬২ নম্বৰৰ বুলেট বাইকখন লৈ সন্ধিয়া ওলাই আহিছিল বজাৰলৈ।

গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত তেওঁ বাইকখন পাৰ্ক কৰি বজাৰ কৰিবলৈ যায়। কিন্তু আধাঘণ্টা পিছত ঘূৰি আহি নিৰ্দিষ্ট স্থানত বাইকখন নেদেখি মূৰে কপালে হাত দিয়ে আৰক্ষী জোৱানজনে।

ইফালে সিফালে বহু বিচাৰ খোচাৰ কৰিও বাইকখন বিচাৰি নাপাই অৱশেষত দিছপুৰ আৰক্ষী থানাত বাইক চুৰি সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে আৰক্ষী জোৱান দিপাংকৰ কলিতাই।

আৰক্ষীয়ে বাইকখন বিচাৰি অনুসন্ধান চলাই আছে যদিও এই পৰ্যন্ত বুলেটখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।