চাৰ্জিঙৰ সময়ত ইলেক্ট্ৰিক স্কুটাৰত বিস্ফােৰণ! পিতৃ-কন্যাৰ মৃত্যু

চাৰ্জিঙৰ সময়ত ইলেক্ট্ৰিক স্কুটাৰত বিস্ফােৰণ! পিতৃ-কন্যাৰ মৃত্যু

March 27, 2022 0 By NEWS DESK

নিউজ ডেস্ক। কিমান সুৰক্ষিত ইলেক্ট্ৰিক চাৰ্জিং বাইক? শেহতীয়াকৈ দেশত সংঘটিত দুটাকৈ দুৰ্ঘটনাই গ্ৰাহকৰ মনত সৃষ্টি কৰিছে এই প্ৰশ্নৰ।

দুটা পৃথক ঘটনাত ইলেক্ট্ৰিক বাইকত সংঘটিত অগ্নিকাণ্ডৰ ফলত মৃত্যু ঘটে পিতৃ-কন্যাৰ। যোৱা ২৫ আৰু ২৬ মাৰ্চত তামিলনাডু আৰু পুনেত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পুনেৰ লোহেগাঁৱত ২৬ মাৰ্চ, শনিবাৰে অগ্নিকাণ্ড সংঘটিত হয় এখন ৰখাই থোৱা ইলেক্ট্ৰিক স্কুটাৰত।

এখন দোকানৰ সন্মুখত ৰখাই থোৱা অৱস্থাত ইলেক্ট্ৰিক স্কুটাৰখনত সংঘটিত অগ্নিকাণ্ডৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বাতৰি অনুসৰি, অগ্নিকাণ্ড সংঘটিত ইলেক্ট্ৰিক স্কুটাৰখন আছিল ওলা এছ-১। মাত্ৰ এমাহ পূৰ্বে বজাৰত মুকলি হোৱা এই ইলেক্ট্ৰিক স্কুটাৰখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত বিভিন্নজনে এই নতুন মডেলৰ স্কুটাৰখন গ্ৰাহকৰ বাবে অসুৰক্ষিত বুলি মন্তব্য কৰিছে।

ইফালে এই ঘটনা সন্দৰ্ভত ওলাই এক স্পষ্টীকৰণ জাৰি কৰিছে। ওলাই লিখিছে, “পুনেৰ ঘটনাটো আমাৰ জ্ঞাত। আমি এই বিষয়টোৰ মূল অনুসন্ধান কৰি আছো। কেইদিনমানৰ ভিতৰতে আমি ইয়াৰ সমাধান কৰিব পাৰিম। আমি স্কুটাৰৰ গৰাকীৰ সৈতে যোগাযোগ কৰি আছোঁ, যি সম্পূৰ্ণৰূপে সুৰক্ষিত। বাহনৰ সুৰক্ষা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আমি এই ঘটনাটো গুৰুত্বসহকাৰে লৈছো আৰু প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে।”

আনহাতে পুনেৰ ঘটনাৰ মাজতে পোহৰলৈ আহিছে আন ঘটনা।

তামিলনাডুৰ ভেলোৰ জিলাত এখন ইলেক্ট্ৰিক স্কুটাৰত চাৰ্জ দি থকাৰ সময়তে সংঘটিত হয় বিস্ফােৰণ-অগ্নিকাণ্ড। যাৰ ফলত পিতৃ-কন্যাৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

মৃত দুয়োজনক ৪৯ বৰ্ষীয় দুৰাই বাৰ্মা আৰু তেওঁৰ ১৩ বছৰীয়া কন্যা প্ৰীতি বুলি চিনাক্ত কৰা হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২৫ মাৰ্চৰ নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা। সেই সময়ত বৈদ্যুতিক স্কুটাৰখন চাৰ্জত দি শুই আছিল পিতৃ-কন্যা।

কিন্তু স্কুটাৰ খনত সূত্ৰপাত হোৱা জুয়ে কাষতে ৰখাই থোৱা আন এখন পেট্ৰ’ল চালিত বাইকলৈ বিয়পি পৰে। যাৰ ফলত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয়।

সেই সময়ত ঘৰৰ ভিতৰত থকা দুৰাই বাৰ্মা আৰু তেওঁৰ কন্যাই বাহিৰলৈ ওলাই অহাৰ চেষ্টা চলায় যদিও প্ৰচণ্ড জুই আৰু ধোঁৱাৰ বাবে তেওঁলোক ওলাই অহাত ব্যৰ্থ হয়।

পিছত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈ পিতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে।

জানিব পৰা মতে, পেছাত এগৰাকী ফটোগ্ৰাফাৰ দুৰাই বাৰ্মাৰ পত্নীৰ কিছুবছৰ পূৰ্বে মৃত্যু ঘটিছিল।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ নিশা তেওঁৰ আন এজন পুত্ৰ একেখন গাঁৱৰে এঘৰত ৰাতি আছিল। যাৰ বাবে তেওঁ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।