চিকিৎসকে এপইণ্টমেন্ট ল’বলৈ কােৱাৰ বাবে ধৈৰ্য্যচ্যুতি ঘটিল মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, ইয়াৰ পিছতে সংঘটিত কৰা এই কাণ্ড বন্দী হ’ল CCTV কেমেৰাত…

চিকিৎসকে এপইণ্টমেন্ট ল’বলৈ কােৱাৰ বাবে ধৈৰ্য্যচ্যুতি ঘটিল মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, ইয়াৰ পিছতে সংঘটিত কৰা এই কাণ্ড বন্দী হ’ল CCTV কেমেৰাত…

August 21, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এগৰাকী চিকিৎসকৰ চেম্বাৰলৈ চিকিৎসা কৰিবলৈ গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জীয়াৰী। কিন্তু অন্য সাধাৰণ ৰোগীৰ দৰেই মুখ্যমন্ত্ৰীৰ কন্যাকো কোৱা হ’ল এপইন্টমেণ্ট ল’বলৈ। তাতেই খৰ্গহস্ত হৈ চিকিৎসকৰ ওপৰতে জঁপিয়াই পৰিল মুখ্যমন্ত্ৰীৰ জীয়ৰী।

এই চাঞ্চল্যকৰ কাণ্ড আন ক’ৰো নহয়, বৰং চুবুৰীয়া ৰাজ্য মিজোৰাম। এগৰাকী চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ কৰা মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কন্যা মিলাৰী ছাংটেইৰ দুৰ্ব্যৱহাৰৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আনহাতে চিকিৎসকে এই ঘটনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলস্বৰূপে শনিবাৰে ৰাজহুৱাকৈ ক্ষমাও খুজিবলগীয়া হয় মুখ্যমন্ত্ৰী জোৰামথাংগাই। ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্ট কৰি কন্যাৰ আচৰণৰ বাবে চিকিৎসক আৰু ৰাইজৰ ওচৰত ক্ষমা বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

দৰাচলতে বুধবাৰে আইজলৰ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞৰ চেম্বাৰলৈ গৈছিল মুখ্যমন্ত্ৰীৰ কন্যা মিলাৰী ছাংটেই। তাত তেওঁক এপইণ্টমেণ্ট ল’বলৈ কোৱাত ধৈৰ্যচ্যুতি হেৰুৱাই মুখ্যমন্ত্ৰীৰ কন্যাই চিকিৎসকগৰাকীকে প্ৰহাৰ কৰিবলৈ ধৰে।

এই ঘটনাৰ পিছতে শনিবাৰে ৰাজ্যখনৰ ৮০০ ৰো অধিক চিকিৎসকে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পিছতে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী জোৰামথাংগাই সামাজিক মাধ্যমযোগে ক্ষমা খুজিবলগীয়া হয়।

এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ কয়, “চিকিৎসকৰ প্ৰতি আমাৰ জীয়াৰীয়ে কৰা আচৰণৰ পক্ষত আমাৰ কোনো ন্যায্যতা বা ক’বলগীয়া একো নাই। আমি চিকিৎসক আৰু জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিছো।’’