
চিকিৎসকে ‘মৃত’ বুলি ঘােষণা কৰা সদ্যজাত কন্যা শিশুৱে পৰাস্ত কৰিলে মৃত্যুক, লাভ কৰিলে নৱজীৱন!
February 1, 2022নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? অসমীয়াৰ এই প্ৰবাদ যেন সঠিক প্ৰমাণিত হল এটি কণমানিৰ সৈতে।
৩ খন জিলাৰ ৮ খন ব্যক্তিগত হাস্পতালৰ চিকিৎসকে হাত দাঙি দিয়াৰ পিছত ঈশ্বৰৰ আশীৰ্বাদত নতুন জীৱন লাভ কৰিলে এটি কণমানি শিশুৱে।
এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ভিৱানীত।
কেইবাখনো হাস্পতালৰ চিকিৎসকে শিশুটি জীয়াই নাথাকে বুলি কোৱাৰ পিছত পৰিয়ালৰ লোকেও শিশুটিৰ আশা এৰি দিছিল।

উল্লেখ্য যে, মহেন্দ্ৰগড় জিলাৰ ঝাণ্ডলী গাঁৱৰ বাসিন্দা তথা ভাৰতীয় সেনাৰ জােৱান বলৰাম শৰ্মাৰ পত্নীয়ে ১২ জানুৱাৰীৰ পুৱা মহেন্দ্ৰগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত এটা কন্যা সন্তান জন্ম দিয়ে। কিন্তু জন্মৰ পিছদিনাই নৱজাতকটিৰ স্বাস্থ্যৰ অৱনতি ঘটে।

লগে লগে পৰিয়ালে শিশুটিৰ চিকিৎসা আৰম্ভ কৰে যদিও ৪-৫ খন হাস্পতালৰ চিকিৎসকে নৱজাতকৰ অৱস্থা গুৰুতৰ বুলি কয়। যাৰ পিছত নৱজাতক শিশুটিক ভিৱানীৰ চিকিৎসালয়ত পৰীক্ষা কৰা হয়।
কিন্তু ইয়াৰ পৰা হিছাৰলৈও প্ৰেৰণ কৰা হয়। কিন্তু তাতো শিশুটি জীয়াই থকাৰ সম্ভাৱনা শূণ্য বুলি মন্তব্য কৰে চিকিৎসকে। আনকি, এখন চিকিৎসালয়ৰ চিকিৎসকে ভেন্টিলেশ্যনৰ পৰা শিশুটিক উলিয়াই দিয়াৰ লগে লগে মৃত্যু নিশ্চিত বুলি কয়।
চিকিৎসকৰ এই উত্তৰত পৰিয়ালৰ সদস্যসকলে দুদিনীয়া নৱজাতকটিৰ মৃত্যু ঘটা বুলি ধৰি লয় আৰু কবৰ দিবলৈ গাঁৱলৈ উভতাই আনে।

কিন্তু গাঁৱলৈ উভতি অহাৰ বাটতে নৱজাতকটিৰ হৃদস্পন্দনে পুনৰ ক্ৰিয়া কৰাত পৰিয়ালটোৰ মাজত এক নতুন আশাৰ সঞ্চাৰ হয়। লগে লগে শিশুটিক ভিৱানীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। য’ত চিকিৎসকসকলৰ কঠোৰ পৰিশ্ৰম আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰাৰ্থনাৰ পিছত, নৱজাতকে এক নতুন জীৱন লাভ কৰে।

হাস্পতালত ভৰ্তি কৰোৱাৰ ১৬ দিনৰ পিছত দৰৱ আৰু প্ৰাৰ্থনাৰ শক্তিয়ে নৱজাতক শিশুটিক সম্পূৰ্ণ আৰোগ্য কৰি তুলিছে।
শিশুটিয়ে নতুন জীৱন লাভ কৰাৰ আনন্দত পৰিয়ালৰ সদস্যই হাস্পতালৰ চিকিৎসকসকলক ফুলৰ মালা পিন্ধাই সন্মানিত কৰে আৰু অতি উলহ-মালহেৰে দেৱশিশুটিক হাস্পতালৰ পৰা ঘৰলৈ লৈ যায়
৮ খনকৈ হাস্পতালতৰ চিকিৎসকে হাত দাঙি দিয়া এই দেৱশিশুটিয়ে এখন চৰকাৰী হাস্পতালত পুনৰ জীৱন লাভ কৰা ঘটনাই ঈশ্বৰ আৰু প্ৰাৰ্থনাৰ শক্তিৰ ওপৰত মানুহৰ আস্থা বৃদ্ধি কৰিছে।
লগতে চাওকঃ
প্ৰয়াত স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা ৪০ লাখ টকা ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে আগবঢ়ালে পত্নীয়ে

কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ
