চিকিৎসা বিজ্ঞানৰ চমক! ঔষধৰ পৰীক্ষামূলক প্রয়োগত সম্পূৰ্ণৰূপে সুস্থ হ’ল কেন্সাৰৰ ১৮ ৰোগী

চিকিৎসা বিজ্ঞানৰ চমক! ঔষধৰ পৰীক্ষামূলক প্রয়োগত সম্পূৰ্ণৰূপে সুস্থ হ’ল কেন্সাৰৰ ১৮ ৰোগী

June 8, 2022 Off By NEWS DESK

নিউজ ডেস্ক। চিকিৎসা বিজ্ঞানৰ চৰম উৎকৰ্ষৰ সময়তাে যেন তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে মাৰাত্মক কেন্সাৰ ৰােগ।

দিনকদিনে বৃদ্ধি পাইছে বিভিন্ন প্ৰকাৰৰ কেন্সাৰত আক্ৰান্ত লােকৰ সংখ্যা।

এই বেমাৰ প্ৰতিৰােধ আৰু নিৰ্মূলৰ ক্ষেত্ৰত এইবাৰ নতুন সফলতা লাভ কৰিছে এদল চিকিৎসা বিজ্ঞানীয়ে।

এবিধ ঔষধৰ পৰীক্ষামূলক প্ৰয়ােগৰ পিছতে অধিক উজ্জ্বল হৈ পৰিছে কেন্সাৰৰ পৰা প্ৰতিকাৰৰ সম্ভাৱনীয়তা।

দীৰ্ঘদিন ধৰি মলদ্বাৰ কর্কটত আক্ৰান্ত হৈ অহা ১৮ গৰাকীকৈ লোকৰ গাত পৰীক্ষামূলকভাৱে প্ৰয়ােগ কৰা ডষ্টাৰলিমেব নামৰ ঔষধবিধ প্ৰয়োগৰ পাচত সম্পূৰ্ণৰূপে নিৰ্মূল হ’ল কেন্সাৰ।

গুৰুত্বপূৰ্ণ কথা যে এই ঔষধৰ প্ৰয়ােগৰ সময়ত ৰােগীৰ দেহত কেম’থেৰাপী, ৰেডিয়েচন আৰু শল্য চিকিৎসাৰ দৰে বিভিন্ন চিকিৎসা প্রক্রিয়া প্ৰয়ােগে কৰা নহ’ল।

তাৰ পাচতো কেইবাটাও পৰীক্ষাৰ অন্তত দেখা গ’ল যে এই লোককেইজনৰ গাৰ পৰা কৰ্কট নিৰ্মূল হৈ পৰিছে।

ৰোগীকেইজনক বিগত ছমাহ ধৰি প্রতি তিনি সপ্তাহত এবাৰকৈ এই দৰব প্ৰদান কৰা হৈছিল।

ঔষধ প্রয়োগ কৰা আটাই কেইজন ৰোগীৰ কোনোজনৰে মলদ্বাৰৰ পৰা শৰীৰৰ অন্য অংগ-প্ৰত্যংগলৈ কর্কট বিয়পি যোৱা নাছিল।

নিউয়ৰ্কৰ বিখ্যাত কৰ্কট ৰোগ চিকিৎসা প্রতিষ্ঠান মেম’ৰিয়েল শ্লোৱান কেটেৰিং কেন্সাৰ চেণ্টাৰৰ চিকিৎসা বিজ্ঞানী ডাঃ লুই এডিয়াজে দাবী কৰে যে কৰ্কটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে।

ইউমিন থেৰাপীযোগে যে এদিন কৰ্কট নিৰাময় সম্ভৱ হ’ব পাৰে তাক দৃঢ়ভাৱে বিশ্বাস কৰিয়েই এই লোকসকলক প্রদান কৰা হৈছিল ডষ্টাৰলিমেব।

ডষ্টাৰলিমেব দৰবৰ চমৎকাৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে বিশ্বৰ চিকিৎসা বিজ্ঞানী মহল। কিয়নো এই ঔষধ সেৱনৰ পাচত ৰোগীৰ গাত দেখা যোৱা নাই কোনো পার্শ্বক্রিয়াও।

এই বৈপ্লৱিক ঔষধৰ বৃহৎ পৰিসৰত প্ৰয়োগৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে মাৰ্কিন চিকিৎসা বিজ্ঞানীসকলে।

উল্লেখ্য যে মার্কিন যুক্তৰাষ্ট্ৰৰ দৰে দেশত এবছৰত কমেও ৪৫ হেজাৰ লোক মলদ্বাৰ কৰ্কটত আক্ৰান্ত হৈ আহিছে।