চিৰনিদ্ৰাত শুই পৰিল প্ৰেমিক যুগল ফকৰুল-ৰুমিজা, সম্পন্ন হ’ল জানাজা

নিউজ ডেস্ক। অহা মাহত সম্পন্ন হোৱাৰ কথা আছিল বিয়া। একেখন ৰভাৰ তলত বহিব লাগিছিল দ’ৰা-কইনা। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস কবৰস্থানত একেলগে সম্পন্ন হ’ল দুয়োৰে জানাজ।

দুমনিচকী (মাৰুৱাচকী)ৰ দুটাকৈ পৰিয়ালত এতিয়া কেৱল চকুপানী। শোকৰ্ত আত্মীয়-স্বজন তথা শুভাকাঙ্খীবৃন্দ।

অঞ্চলৰ প্ৰতিজন বাসিন্দাৰ হৃদয়-মন জােকাৰি গৈছে প্ৰেমিক যুগলৰ অকাল মৃত্যুৰ ঘটনাই।

এনে এক পৰিৱেশতে ক’ভিড নিয়মৰ মাজেৰে সম্পন্ন কৰা হয় ৰুমিজা-ফকৰুলৰ।

উল্লেখ্য যে নিষ্ঠুৰ নিয়তিৰ আহ্বানত দেওবাৰে নিশা শৰাইঘাটত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোঁৱালি লয় ৰুমিজা-ফকৰুলে।

অহা মাহত বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল দুয়ো। আৰম্ভ কৰাৰ কথা আছিল যুগ্ম জীৱন। একেলগে অতিবাহিত কৰাৰ কথা আছিল অনাগত দিনবোৰ। কিন্তু সেয়া নহ’ল। সপোন হৈয়ে ৰ’ল সকলো।

একেলগে দিনবোৰ অতিবাহিত কৰিব নোৱাৰিলেও একলগে গ’লগৈ দুয়ো।

একেখন গাঁৱৰে দুটা পৰিয়ালত কেৱল চকুপানী। যিখন সমাজক সাক্ষী কৰি আনন্দ-উল্লাসেৰে একাত্ম হোৱাৰ কথা আছিল সেইখন সমাজে দুয়োকে সাঙীত তুলি কবৰত শুৱাই দিলে চিৰদিনলৈ।

Leave a Comment