চিৰিয়াখানাৰ ৮ টাকৈ সিংহ ক’ভিড-১৯ত আক্ৰান্ত!

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌৰ মাজতে এইবাৰ চিৰিয়াখানাৰ বন্যপ্ৰাণীলৈও বিয়পিছে এই ভাইৰাছ।

আমেৰিকাত পােহনীয়া কুকুৰ আৰু চিৰিয়াখানাৰ জন্তুৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ঘটনা হৈছিল যদিও ভাৰতত প্ৰথমবাৰলৈ এনে ঘটনা পােহৰলৈ আহিছে।

জানিব পৰা মতে, তেলেংগানাৰ হায়দৰাবাদৰ ‘নেহৰু জুল’জিকেল পাৰ্ক’ৰ আঠটা সিংহ ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

ভাৰতৰ চিৰিয়াখানাত বন্দী জন্তু ক’ভিডত আক্ৰান্ত হোৱাটো এয়া প্ৰথম বুলি জনা গৈছে।

চিৰিয়াখানা কৰ্তৃপক্ষই সংবাদ মাধ্যমলৈ জাৰি কৰা বিবৃতি অনুসৰি, চাৰিটা মতা সিংহ আৰু চাৰিজনী মাইকী সিংহৰ নমুনা ‘চেণ্টাৰ ফৰ ছেলুলাৰ এণ্ড মলেকুলাৰ বায়’ল’জিলৈ প্ৰেৰণ কৰা হৈছিল।

চাৰিওটাৰে আৰ টি পি চি আৰত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

পশু চিকিৎসক ডাঃ ৰাকেশ মিশ্ৰই সিংহকেইটা ক্ৰমাৎ সুস্থ হোৱা বুলি জানিবলৈ দিছে।

উল্লেখ্য যে এই চিৰিয়াখানাত বহু কৰ্মচাৰীও ক’ভিডত সংক্ৰমিত হােৱাৰ পৰিপ্ৰেক্ষিতে চিৰিয়াখানাৰ কৰ্মীৰ জৰিয়তে জন্তুকেইটালৈ ৰোগ বিয়পি পৰা বুলি সন্দেহ কৰা হৈছে।

Leave a Comment