চুইফ্ট ডিজায়াৰ সৈতে সংঘৰ্ষৰ পাছত মৃত্যু স্কুটী আৰােহী স্বাস্থ্যকৰ্মীৰ, আহত পুত্ৰ

চুইফ্ট ডিজায়াৰ সৈতে সংঘৰ্ষৰ পাছত মৃত্যু স্কুটী আৰােহী স্বাস্থ্যকৰ্মীৰ, আহত পুত্ৰ

December 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা স্বাস্থ্যকৰ্মীৰ অকালতে মৃত্যু।

দুৰ্ঘটনাত নিহত সংগীতা ভট্টাচাৰ্য (৪০) নামৰ এগৰাকী স্বাস্থ্যকৰ্মী।

দুৰ্ঘটনাত আহত পুত্ৰ কৌশিকাে। ঘটনাৰ স্থান শিলচৰৰ উদাৰবন্দ।

নিহত সংগীতা ভট্টাচাৰ্যৰ ঘৰ উদাৰবন্দৰ চালগংগাত।

a1

সংগীতা ভট্টাচাৰ্য

জানিব পৰা মতে, নিজৰ স্কুটীত উঠি কৰ্তব্যস্থলীৰ পৰা নিজ ঘৰলৈ পুত্ৰ সৈতে যাত্ৰা কৰিছিল সংগীতা ভট্টাচাৰ্যই।

যাত্ৰাপথত ভিআইপি পথৰ উদাৰবন্দ আৰু চালগংগাৰ মাজত এখন তীব্ৰবেগী মাৰুতি চুজুকি চুইফ্ট বাহনৰ সৈতে স্কুটীৰ সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সংগীতা ভট্টাচাৰ্যৰ লগতে পুত্ৰ কৌশিক।

a2

দুৰ্ঘটনাত পতিত স্কুটীখন

মূৰত গুৰুতৰ আঘাত পােৱা সংগীতাই শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিস্বাস ত্যাগ কৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছত উদাৰবন্দ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু স্কুটাৰখন জব্দ কৰে।

জানিব পৰা গৈছে যে মৃত সংঘিতা ভট্টাচাৰ্য মডেল হাস্পপালত স্বাস্থ্যসেৱা কৰ্মী হিচাপে কৰ্তব্যৰত আছিল।