চুটি ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত শােকাৱহ ঘটনা, দুজন যুৱকৰ হৃদৰ পানীত ডুবি মৃত্যু

নিউজ ডেস্ক। চেল্ফী উঠিবলৈ গৈ বৰ্তমানলৈকে নিজৰ জীৱন শেষ কৰিছে বহুতে। কিন্তু এইবাৰ প্ৰকৃতিৰ দৃশ্য নিজৰ কেমেৰাত বন্দী কৰিবলৈ গৈ মৃত্যু হ’ল দুজন যুৱকৰ।

এই ঘটনাটো সোমবাৰে সংঘটিত হৈছে চেন্নাইৰ তিৰোচুলামৰ কাল্লো-কুটাই হ্ৰদত।

ঘটনা অনুসৰি, ভিজুৱেল কমিউনিকেশ্বনৰ শিক্ষা সাং কৰি চাৰি যুৱকে নিয়মীয়াকৈ নিৰ্মাণ কৰিবলৈ লৈছিল চুটি ছবি, ফটো শ্বুট আৰু ভিডিঅ’।

সোমবাৰেও যুৱক কেইজন গৈছিল হ্ৰদটোত ফটো শ্বুটৰ উদ্দেশ্যে। কিন্তু ফটো শ্বুট কৰি থকা সময়তে ঘটিল এক অঘটন। এজন যুৱক হঠাতে পৰি গ’ল হ্ৰদটোত। যুৱক জনক উদ্ধাৰৰ বাবে গৈ হ্ৰদটোত পুনৰ পৰি গল আন এজন যুৱক। কিন্তু দুইজনৰ মৃত্যু হয় সেই সময়তে।

জানিব পৰা মতে দুয়োজনৰ নাম দীনেশ কুমাৰ (২১) আৰু আকাশ (২৩)। দুয়োজনৰ ঘৰ তিৰোভালোৰ জিলাৰ পাল্লিপত্তো নগৰত।

এই ঘটনাৰ পিছতেই মৃত দুই যুৱকৰ পিতৃ-মাতৃয়ে আৰক্ষীক এই কথা জনায়। সোমবাৰে নিশা ১১ বজালৈকে আৰক্ষীয়ে মৃতদেহ দুটাৰ সন্ধান চলায় যদিও লাভ কৰিবলৈ সক্ষম নহয়। মঙ্গলবাৰে উদ্ধাৰকাৰী দলৰ সহায়ত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতদেহ দুটা। পৰৱৰ্তী সময়ত মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

স্থানীয় লোকৰ মত অনুসৰি যুৱক কেইজনে নিজৰ জীৱনকো তুচ্ছ কৰি প্ৰকৃতি সৃষ্ট ৭২ ফুট গভীৰ হ্ৰদ টোত ফটো তুলিবলৈ যোৱাৰ ফলত এই ঘটনা সংঘটিত হয়।

লগতে চাওকঃ

ঘণ্টাৰ পাছত ঘণ্টা ধৰি অনলাইন গেমত ব্যস্ত আছিল কিশোৰ, হঠাতে অচেতন হৈ ঘটিল মৃত্যু

পুৰুষ আৰু মহিলাৰ বিয়াৰ আইনী বয়স ২১ বছৰ কৰাৰ দাবী! উচ্চতম ন্যায়ালয়ত অচিৰেই শুনানি

৭ ঘণ্টা বাথৰূমত একেলগে থাকিল বাঘ আৰু কুকুৰ! শ্বাসৰুদ্ধকৰ অভিযানত উদ্ধাৰ কৰিলে বন বিভাগে

পিতৃৰ সৈতে এটিএমৰ পৰা ধন উলিয়াবলৈ গৈ বাইকৰ খুন্দাত মেধাৱী ছাত্ৰীৰ মৃত্যু

Leave a Comment