
চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ! প্ৰৱঞ্চনাৰ অভিযােগত আটক শুকুৰ আলী
November 28, 2022নিউজ ডেস্ক। ৰাজ্যৰ সামাজিক মাধ্যমত চৰ্চিত এটি নাম হ’ল শুকুৰ আলী।
এজন ৰাজনৈতিক নেতা হােৱাৰ উপৰি শেহতীয়াকৈ অভিনেতা হিচাপেও আত্মপ্ৰকাশ ঘটিছে শুকুৰৰ।
কিন্তু এইবাৰ চৰকাৰী আঁচনিৰ নামত দৰিদ্ৰলােকৰ পৰা টকা লৈ বিপদত পৰিছে শুকুৰ আলী।

টকা লৈ আঁচনিৰ সুবিধা নিদিয়াৰ অভিযােগত ৰাইজে আটক কৰি শুকুৰ আলীক গতাই দিলে আৰক্ষীক।
উল্লেখ্য যে বি টি আৰৰ দেৱীতোলা উন্নায়ন খণ্ডৰ মদাতী VCDC ৰ চেয়াৰমেন বুলি পৰিচিত শুকুৰ আলী।
শুকুৰ আলী বিভিন্ন জনক বিভিন্ন চৰকাৰী আঁচনিৰ কাম দিয়াৰ নামত লৈছিল ধন।
দৰিদ্ৰ লোকৰ চৰকাৰী আৱাস গৃহৰ নামত ২২ হাজাৰ টকা আত্মাসাৎ কৰাৰ পৰিপ্ৰেক্ষিততে আজি ৰাইজে শুকুৰ আলীক আটক কৰি জবাবদিহি কৰে।
ইয়াৰ পিছতে তাত উপস্থিত হােৱা আৰক্ষীক চমজাই দিয়ে শুকুৰ আলীক।