চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ চকীত বহি ৰোগীক প্ৰেছক্ৰিপশ্যন লিখা ‘মুন্নাভাই’ মুহিধৰ গগৈক গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ চকীত বহি ৰোগীক প্ৰেছক্ৰিপশ্যন লিখা ‘মুন্নাভাই’ মুহিধৰ গগৈক গ্ৰেপ্তাৰ

August 20, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ চকীত বহি ৰোগীক প্ৰেছক্ৰিপশ্যন লিখি দিয়া গাড়ী চালক মুহিধৰ গগৈক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ধেমাজি আৰক্ষীয়ে।

উল্লেখ্য যে, যোৱা ৬ আগষ্টত ধেমাজি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ কাণ্ড। চিকিৎসালয়খনৰ ২২নং কোঠাৰ চিকিৎসক ডা০ বিজু বৰুৱাৰ চকীত বহি তেওঁৰ গাড়ীচালক মুহিধৰ গগৈয়ে ৰোগীক প্ৰেছক্ৰিপশ্যনত আলট্ৰাচাউণ্ড কৰিবলৈ লিখি দিছিল।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে ধেমাজি সদৰ থানাত ‘মুন্নাভাই’ৰূপী মুহিধৰ গগৈৰ বিৰুদ্ধে ৰুজু কৰা হয় এটা গোচৰ। চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱা এগৰকী মহিলা আৰু চিকিৎসালয় কৰ্তৃপক্ষই পৃথকে পৃথকে ৰুজু কৰা গোচৰ সন্দৰ্ভত তদন্ত চলাই অৱশেষত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত গাড়ীচালক মুহিধৰ গগৈক।

ৰোগীৰ জীৱনক লৈ হেতালি খেলা এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ধেমাজি প্ৰশাসনে। অন্যহাতে ‘মুন্নাভাই’ৰূপী মুহিধৰ গগৈক গ্ৰেপ্তাৰ কৰিলেও ঘটনাৰ তদন্ত চলাই প্ৰকৃত দোষীক চিনাক্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৰাইজ তথা বিভিন্ন দল-সংগঠনে।