
চৰকাৰী বিষয়াৰ ঘৰৰ পানীৰ পাইপেৰে ওলাল লাখে লাখে টকা…
November 24, 2021নিউজ ডেস্ক। অসৎ পন্থাৰে অগাধ সম্পত্তিৰ গৰাকী হৈছে বহু চৰকাৰী বিষয়া-কৰ্মচাৰী।
নিজৰ ক’লা ধন সুৰক্ষিত কৰি ৰাখিবলৈ এনে অসাধু বিষয়া-কৰ্মচাৰীয়ে গ্ৰহণ কৰে বিভিন্ন পন্থা।
কেতিয়াবা ঘৰৰ মজিয়া নাইবা মূধচৰ গােপন কক্ষক লুকুৱাই থয় অগাধ ধন, মূল্যৱান আ-অলংকাৰ।
আন কেতিয়াবা ঘৰৰ পানী নাইবা প্ৰসাৱগাৰৰ টেংকীতাে পােৱা যান ধন-সম্পত্তিৰ সন্ধান।
অৱশ্যে এইবাৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ ঘৰৰ পানীৰ পাইপৰ পৰা ওলাল লাখ লাখ টকা।
এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে খলকনি তুলিছে সামাজিক মাধ্যমতাে।

উল্লেখ্য যে কৰ্ণাটকৰ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে বুধবাৰে কালাবুৰাগীত এজন সহকাৰী অভিযন্তাৰ ঘৰত অভিযান চলায়।
এই অভিযানৰ সময়তে ঘৰৰ পানী নিষ্কাশন পাইপত লুকুৱাই থোৱা নগদ ১৩ লাখ টকা জব্দ কৰে অভিযানকাৰী দলটােৱে।
ACB officials seize Rs 13 lakh cash from a drain pipe from the home of a junior engineer in the PWD Department in Kalaburagi #Karnataka. pic.twitter.com/uA7d4V27Fp
— Nitin B (@NitinBGoode) November 24, 2021
সম্প্ৰতি এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’ত দেখা অনুসৰি, নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা শান্তানা গৌড়াৰ বাসগৃহত এটা নিষ্কাশন পাইপৰ পৰা নগদ ধন সংগ্ৰহ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।
জানিব পৰা মতে, কেৱল পাইপৰ পৰা ১৩ লাখ টকা জব্দ কৰা হৈছিল যদিও এই অভিযানৰ সময়ত অভিযন্তাজনৰ বাসগৃহত মুঠ ৫৪ লাখ টকা নগদ ধন পোৱা গৈছিল।
ভিডিঅ’ত বিষয়াসকলক এটা হালধীয়া বাল্টিত পাইপৰ পৰা ওলােৱা নগদ ধন সংগ্ৰহ কৰা দেখা গৈছে।
উল্লেখ্য যে দুৰ্নীতি নিবাৰকৰ দলে একেদিনাই কৰ্ণাটকৰ ৬੦ টা স্থানত বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ঠিকনাত অভিযান চলাই বিপুল পৰিমাণৰ অবৈধ ধন-সম্পত্তিৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়।