চৰকাৰ-প্ৰশাসন নহয়! এইবাৰ জেহাদীৰ বিৰুদ্ধে জেহাদ ৰাইজৰ, উচ্ছেদ কৰিলে জেহাদীৰ বাবে কলংকিত হােৱা মাদ্ৰাছা…

নিউজ ডেস্কঃ মাদ্ৰাছা উচ্ছেদক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ গোৱালপাৰাত স্থানীয় ৰাইজে ভাঙি পেলালে এখন মাদ্ৰাছাৰ লগতে এটা আৱাস গৃহ। এই মাদ্ৰাছা আৰু বাসগৃহত জেহাদী কাৰ্যকলাপ চলি থকাৰ অভিযোগ তুলিয়েই ৰাজি নিজেই উচ্ছেদ কৰে মাদ্ৰাছাখন।

উল্লেখ্য যে, ইয়াৰ লগে লগে ৰাজ্যত উচ্ছেদিত মাদ্ৰাছাৰ সংখ্যা ৪ খনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে জেহাদী কাৰ্যকলাপ চলাৰ অভিযোগত প্ৰশাসনে মৰিগাঁও, বৰপেটা আৰু বঙাইগাঁও জিলাত তিনিখন মাদ্ৰাছা উচ্ছেদ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত পাখিউৰা চৰত অৱস্থিত মাদ্ৰাছাখন আৰু ইয়াৰ কাষতে থকা বাসগৃহটোত দুজন বাংলাদেশী নাগৰিকে জেহাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে স্থানীয় ৰাইজে নিজেই মাদ্ৰাছাখন আৰু গাতে লাগি থকা বাসগৃহ এটা ভাঙি পেলায়।

অন্যহাতে আমিনুল ইছলাম আৰু জাহাংগীৰ আলম নামৰ বাংলাদেশী নাগৰিক দুজন বৰ্তমান পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। দুয়োজন বাংলাদেশী নাগৰিকেই আল-কায়দাৰ সদস্য হোৱাৰ লগতে মাদ্ৰাছা খনত ২০২০ চনৰ পৰা চলিত বৰ্ষলৈ পাঠদান কৰি আহিছিল।

উল্লেখ্য যে, আল কায়দাৰ সদস্য দুজনক মাদ্ৰাছাত অধ্যাপনা কৰিবলৈ নিযুক্তি প্ৰদান কৰা জালালুদ্দিন শ্বেইখ নামৰ এজন ধৰ্মগুৰুক জেহাদী কাৰ্যাকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে।

ইফালে, মুছলমান ৰাইজে জেহাদীৰ বিৰুদ্ধে নিজেই তৎপৰতা দেখুৱাই জেহাদী কাৰ্যকলাপ চলা মাদ্ৰাছা ভাঙি পেলোৱা কাৰ্যক প্ৰশংসা কৰিছে অনেকে।