চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

নিউজ ডেস্ক। ‘চৰণেহে জানে মৰণৰ ঠাই, চুচৰি বাগৰি তালৈকে যায়’।

-এই আপ্তবাক্যশাৰীৰ দৰেই যেন এক ঘটনা সংঘটিত হ’ল দৰং জিলাৰ ছিপাঝাৰত।

পৱিত্ৰ নামঘৰত অনুষ্ঠিত এক মাংগলিক অনুষ্ঠানত ভাগ লৈ থকা অৱস্থাতে ঢলি পৰা আকস্মিকভাৱে মৃত্যুক সাবটি ল’লে নগেন হাজৰিকা নামৰ কৃষি বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে।

জানিব পৰা মতে, প্ৰয়াত হাজৰিকাৰ ঘৰ ছিপাঝাৰৰ দক্ষিণ চুবুৰিত। ছিপাঝাৰ অঞ্চলৰ এগৰাকী নীৰৱ সংগঠক আছিল নগেন হাজৰিকা।

মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৬৩ বছৰ।

দেওবাৰে পুৱাৰে পৰা স্থানীয় নামঘৰত অনুষ্ঠিত ভাগৱত পাঠৰ অনুষ্ঠানত ব্যস্ত আছিল নগেন হাজৰিকা।

পুৱাই নামঘৰৰ সন্মুখতে ভাগৱত শোভাযাত্ৰাৰ উদ্বোধন কৰিছিল হাজৰিকাই। শোভাযাত্রা উদ্বোধন কৰাৰ পিছত নামঘৰৰ ভিতৰত সেৱা কৰি উঠিয়েই ঢলি পৰে হাজৰিকা।

এই ঘটনা প্ৰত্যক্ষ কৰিয়েই স্থানীয় লােকৰ মাজত লাগে হুৱাদুৱা।

তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘােষণা কৰে।

মৃত্যুৰ সময়ত পত্নী, দুটি পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ যায়।

প্ৰয়াত হাজৰিকা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে স্থানীয় বুথ সমিতিৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল।

তেওঁৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধৰে ভৰি পৰে তেওঁৰ বাসগৃহ।

ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে দক্ষিণ চুবুৰিৰ নিজা গৃহৰ সমীপতে সম্পন্ন কৰা হয় অন্তিম সৎকাৰ।

Leave a Comment