ছাগলীৰ সৈতে আজব কাণ্ড যুৱকৰ, ভিডিঅ’ ভাইৰেল হােৱাত ক্ষমা প্ৰাৰ্থনা…

নিউজ ডেস্ক। ছাগলীৰ সৈতে আজব কাণ্ড কৰি বিপদত পৰিল এজন যুৱক।

এই কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত অৱশেষত আইনৰ ৰােষত পৰি যুৱকজনে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হয়।

এই ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ ভূপাল।

ভাইৰেল দৃশ্যটোত দেখা অনুসৰি, এজন যুৱকে হাতত লৈ আছে এটা সুৰাৰ বটল। তেওঁৰ ওচৰত আছে দুটা ছাগলী।

তেওঁ সুৰাৰ বটলটো খুলি আন এটা বটলত সেই সুৰাখিনি মিশ্ৰণ কৰে। আৰু তাৰ পিছতেই তেওঁ জোৰ কৰি এটা ছাগলীক সুৰাখিনি পান কৰোৱাইছে।

উল্লেখ্য যে এই দৃশ্যটো ভাইৰেল হোৱাৰ পিছতেই যুৱকজন পৰে আৰক্ষীৰ ৰোষত।

তেওঁ সেই কাৰ্যৰ বাবে আৰক্ষীক ক্ষমা বিচাৰে।

তেওঁ কয়, “মই লজ্জিত, মই কি কৰিব লাগে কওঁক।” তেওঁ সেইয়া তেওঁৰ ধেমালি বুলিহে কয়।

ইয়াৰোপৰি বটলত থকাখিনি সৰিয়হৰ তেল আছিল বুলিহে তেওঁ কয়।

অৱশ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Comment