ছাত্ৰীলৈ অশ্লীল বাৰ্তা! উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন

নিউজ ডেস্কঃ ছাত্ৰীলৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ পিছতে নিৰপেক্ষ তদন্তৰ খাতিৰত নিলম্বন কৰা হৈছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক। এই কথা সদৰী কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে।

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) ছাত্ৰ সংগঠনে অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ক অনুৰোধ কৰাৰ পিছতে নিলম্বন কৰা হয় অধ্যক্ষগৰাকীক।

উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষগৰাকীক ১৫ দিনৰ বাবে নিলম্বন কৰে।

ইফালে, ড০ বিমান চন্দ্ৰ চেতিয়াৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত ৰঞ্জন কুমাৰ বৰাক মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ডিডিঅ’ হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে উত্তৰ লখিমপুৰৰ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মোবাইলত ছাত্ৰীলৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগত অধ্যক্ষগৰাকীক নিলম্বন কৰিবলৈ আহ্বান জনাই মহাবিদ্যালয়খনৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

প্ৰতিবেদন অনুসৰি জিলা ছাত্ৰ সন্থাই অধ্যক্ষৰ প্ৰতিমূৰ্তিও দাহ কৰি নিলম্বনৰ লগতে চেতিয়াক গ্ৰেপ্তাৰৰ দাবী জনায়।

ইয়াৰ পূৰ্বে টুইটাৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জানিবলৈ দি কয় যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ জৰুৰী তদন্ত আৰম্ভ কৰিছে।