
ছাত্ৰীৰে মবাইলত অশ্লীল বাৰ্তালাপ কৰি নিলম্বিত শিক্ষক পদ্ম দত্ত…
October 19, 2022নিউজ ডেস্ক। পুনৰ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিক কলংকিত কৰি নিলম্বিত হ’ল এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক।
এগৰাকী কন্যাসম ছাত্ৰীৰ সৈতে মবাইলত অশ্লীল বাৰ্তালাপ কৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদ্ম দত্তক নিলম্বন শিক্ষা বিভাগৰ।

উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীৰ সৈতে অতি আপত্তিজনক অশালীন বাৰ্তালাপ কৰাৰ ৰেকৰ্ডিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।
এই ঘটনা সম্পৰ্কে মহকুমাধিপতিয়ে প্ৰাথমিক তদন্ত কৰি শিক্ষা বিভাগক দাখিল কৰা তথ্যৰ আধাৰত তৎকালীনভাৱে বলৱৎ হোৱাকৈ শিক্ষকগৰাকীক নিলম্বন কৰা হৈছে।

শােণিতপুৰ চক্ৰৰ বিদ্যালয়ৰ পৰিদৰ্শকে স্বাক্ষক কৰা এই নিৰ্দেশনাৰ ফটাে খােদ শিক্ষামন্ত্ৰী ডঃ ৰণােজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।
লগতে চাওকঃ
অধ্যাপিকা, মডেল ডঃ দীপালী দাসৰ দেহাৱসান…
