
ছাদ্দামক বিচাৰি সুদূৰ কেৰালাৰ পৰা অসমলৈ আহিল আৰক্ষী
August 10, 2021নিউজ ডেস্ক। অসম আৰক্ষীয়ে অপৰাধী চক্ৰৰ বিৰুদ্ধে জােৰদাৰ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ এটা অপৰাধীক বিচাৰি সুদূৰ কেৰালাৰ পৰা অসমত উপস্থিত হ’ল কেৰালা আৰক্ষীৰ এটা দল।
অসম আৰক্ষীৰ সহযােগত অভিযান চলিল নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত উপৰকাহুন্দা গাঁৱত।
এই যৌথ অভিযানত কুখ্যাত অপৰাধী চক্ৰৰ নায়ক ছাদ্দাম হুছেইন (৩৫)ক আটক কৰে আৰক্ষীয়ে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত ছাদ্দাম হুছেইন কেৰেলাত কাম বিচাৰি গৈ এটা কোম্পানীৰ পৰা পাঁচ লক্ষাধিক টকা আৰু কিছু নথি-পত্ৰ লৈ পলাই আহিছিল।
কেৰেলা আৰক্ষীয়ে ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰি কচুৱা থানাৰ জৰিয়তে কেৰেলালৈ লৈ যায়।