ছুটীত ঘৰলৈ আহি পুনৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল CRPF জােৱান, পথ দুৰ্ঘটনাত মৃত্যু

ছুটীত ঘৰলৈ আহি পুনৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল CRPF জােৱান, পথ দুৰ্ঘটনাত মৃত্যু

December 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শীতৰ আগমনৰ লগে লগে ৰাজ্যজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা।

এইবাৰ ডিব্ৰুগড় জিলাৰ লেজাইত এক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF ৰ জােৱানৰ।

নিহত জােৱানজনৰ নাম কৰণি ৰঞ্জন বৰা।

768-512-13802546-thumbnail-3x2-t-copy

জানিব পৰা মতে, ডিব্ৰুগড়ৰ লেজাইত পুৱতি নিশা এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷

প্ৰাপ্ত তথ্য মতে, কৰণি ৰঞ্জন বৰা নামৰ জোৱানজন ছুটীত ঘৰলৈ আহিছিল ৷

a-moran-803to805-terribleroadaccidentatdibrugarh-as10031-03122021075844-0312f-1638498524-697

বৃহস্পতিবাৰে নিজ গৃহৰ পৰা গাড়ী লৈ ওলাই যোৱাৰ পাছত বাহনসহ জোৱানজন চেঁচা নদীত সোমাই পৰে ৷

ঘন কুৱঁলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় লোকৰ।

CRPF ত কৰ্মৰত জোৱানজনৰ এনে আকস্মিক মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে চাওকঃ

শ্বেৰৱানী পিন্ধি কইনাই ঘোঁৰাত উঠি গ’ল দৰাৰ ঘৰলৈ!