ছুটী লৈ ঘৰলৈ যোৱাৰ আগনিশা পাৰ কৰিব বিচাৰিছিল সতীৰ্থৰ সৈতে, কিন্তু চাদৰ পৰা বাগৰি মৃত্যু BSF জোৱানৰ

নিউজ ডেস্কঃ শুকুৰবাৰৰ পৰা তেওঁৰ ছুটী আছিল। কিছুদিনৰ বাবে নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আপোন ঘৰখনলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁ।

ঘৰলৈ যোৱাৰ পূৰ্বে বন্ধুৰ সৈতে কিছু মুহূৰ্ত তেওঁ পাৰ কৰিব বিচাৰিছিল। কিন্তু কোনেও জনাই নাছিল যে সেয়াই হব তেওঁৰ শেষ দিন!

শিলচৰৰ মছিমপুৰ বিএছএফ কেম্পত শোকৰ বন্যা নামিছে শুকুৰবাৰে।

বিএছএফৰ এগৰাকী জোৱানৰ বিল্ডিঙৰ চাদৰ পৰা পৰাৰ ফলত মৃত্যু ঘটাক লৈ দুখৰ অশ্ৰু বোৱাইছে সতীৰ্থ জোৱানসকলে।

জানিব পৰা মতে, শুকুৰবাৰৰ পৰা ছুটী মঞ্জুৰ হৈছিল বিএছএফৰ জোৱান জনৰ। আৰু সেইদিনাই তেওঁ মধ্যপ্ৰদেশৰ আপোন ঘৰলৈ যোৱাৰ সমস্ত পৰিকল্পনা সম্পূৰ্ণ কৰিছিল।

বিএছএফৰ ১৩৪ বেটেলিয়ানৰ জোৱানজনৰ নাম হুকাম সিং গেলালা। পাথাৰকান্দি চেক্টৰত কৰ্তব্যৰত ৪৪ বছৰীয়া জোৱানজনে শুকুৰবাৰে পৰিয়ালৰ কাষলৈ যোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বে বৃহস্পতিবাৰৰ নিশাটো তেওঁ পাৰ কৰিব বিচাৰিছিল সতীৰ্থ জোৱানসকলৰ লগত।

কিন্তু শুকুৰবাৰে পুৱতি নিশা বিএছএফ কেম্পৰ এটা বিল্ডিঙৰ তলত অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় জোৱানজন।

লগে লগে জোৱানজনক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে হুকাম সিং গেলালাক।

ইফালে জোৱানজনৰ কাষত উদ্ধাৰ হোৱা সুৰাৰ খালী বটল, গিলাচ আদিলৈ লক্ষ্য কৰি নিশা অত্যাধিক সুৰাপান কৰাৰ ফলত বিল্ডিঙৰ চাদৰ পৰা বাগৰি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

মাজনিশা সংঘটিত এই শোকাবহ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অৰুণাচল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে চাওকঃ

অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ ভাৰতীয় সেনাৰ চুবেদাৰ

Leave a Comment