জটিল অস্ত্ৰােপচাৰ! এগৰাকী ১৩ বছৰীয়া দৰিদ্ৰ পাকিস্তানী কিশােৰীক নতুন জীৱন দিলে ভাৰতীয় চিকিৎসকে…

নিউজ ডেস্ক। সেই সময়ত ছোৱালী জনীৰ বয়স মাত্ৰ ১০ মাহ।

ইমান কম বয়সতে ছোৱালীজনীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে এটা দুৰ্ঘটনাই।

দুৰ্ঘটনাত ছোৱালীজনীৰ ডিঙি ৯০ ডিগ্ৰী বেঁকা হৈ যায়। তাৰ পিছত ১২ বছৰে আফচিন নামৰ এই নাবালিকাজনীয়ে পাৰ কৰিব লগা হ’ল দুৰ্বিসহজীৱন।

আফচিন পাকিস্তানৰ সিন্ধু অঞ্চলৰ বাসিন্দা আছিল। ১০ মাহ বয়সতে এক পথ দুৰ্ঘটনাত তেওঁৰ ভগ্নীৰ বাহুৰ পৰা বাগৰি পৰি ডিঙিটো প্ৰায় ৯০ ডিগ্ৰী বেঁকা হৈ যায়।

চিকিৎসাৰ পাছতো একো সুফল নোপোৱাৰ সময়তে, তাইৰ চেৰিব্ৰেল পালচি নামৰ এটা বিৰল ৰোগ ধৰা পৰে।

চিকিৎসাৰ ব্যয় যথেষ্ট বেছি হোৱাৰ বাবে আফচিনৰ পৰিয়ালে এই খৰচ বহন কৰিব পৰা নাছিল।

সেই সময়তে যেন ভগৱানৰ সু দৃষ্টি পৰিল আফচিনৰ ওপৰত।

যোৱা বছৰ মাৰ্চ মাহত, ভাৰতীয় চিকিৎসক ৰাজাগোপালন কৃষ্ণন সীমান্তত উপস্থিত হোৱাৰ সময়তে আফচিনক দেখা পায় আৰু বিনামূলীয়াকৈ আফচিনৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰে ।

ইয়াৰ পিছতে দিল্লীৰ এপোলো চিকিৎসালয়ত সফলভাবে আফচিনৰ ডিঙি অস্ত্ৰোপচাৰ যোগে সুস্থ কৰি তোলে।

উল্লেখযোগ্য যে নাবালিকা গৰাকীৰ যাতায়তৰ সকলো খৰচ এটা অনলাইন পুঁজি সংগ্ৰহকাৰী দলে বহন কৰিছিল।

পৰিয়ালৰ সকলোৱে এতিয়া আফচিনক সম্পূৰ্ণ সুস্থ ৰূপত দেখি সুখী অনুভৱ কৰিছে।

আফচিনৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হ’বলৈ প্ৰায় ৬ ঘণ্টা সময় লাগিছিল। চিকিৎসকৰ দলটোৱে অতি দক্ষতাৰে সৈতে, এই কাৰ্য্য সফল কৰি তুলিছিল।

অৱশ্যে ডাঃ ৰাজাগোপালনে জনোৱা মতে আফচিনে এতিয়াও নিয়মীয়া পৰীক্ষা অব্যাহত ৰাখিব লাগিব।

দূৰত্বৰ বাবে, তেওঁ ভিডিঅ’ কলৰ জৰিয়তে প্ৰতি সপ্তাহত এই সৰু ছোৱালীজনীৰ হিচাপ ৰখাৰ সিদ্ধান্ত লৈছে ।

তথাপিও আফচিনৰ মুখৰ হাঁহিটোৱে দীঘলীয়া জীৱনৰ বেদনাৰ পৰা পৰিত্ৰাণ পোৱাত কিমান সকাহ পাইছে তাকে প্ৰতিফলন ঘটাইছে।