জটিল অস্ত্ৰোপচাৰেৰে প্ৰসূতি সহ নৱজাতকৰ জীৱন ৰক্ষা কৰিলে সেনাৰ চিকিৎসকে

জটিল অস্ত্ৰোপচাৰেৰে প্ৰসূতি সহ নৱজাতকৰ জীৱন ৰক্ষা কৰিলে সেনাৰ চিকিৎসকে

June 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সেনাৰ এক চিকিৎসকৰ দলৰ প্ৰশংসনীয় কাৰ্য।

প্ৰসূতি আৰু নৱজাতকৰ জীৱন ৰক্ষাৰ বাবেই সম্পন্ন কৰিলে এক জটিল অস্ত্ৰোপচাৰ।

এই অস্ত্ৰোপচাৰ কৰা হয় অৰুণাচল প্ৰদেশৰ ডাহুংস্থিত সেনাৰ চিকিৎসালয়ত।

বুধবাৰে সেনাৰ গজৰাজ শাখাই টুইটাৰ যোগে জানিবলৈ দিয়ে সেই কথা।

টুইটাৰত তেওঁলোকে লিখে, “বৰ্তমান কভিড-১৯ ৰ প্ৰত্যাহ্বানৰ সময়ত অৰুণাচলৰ ডাহুংত সেনাৰ চিকিৎসকে এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসূতি আৰু নৱজাতকৰ দুটিকৈ মূল্যৱান জীৱন ৰক্ষা কৰে।”

এই খবৰ বিয়পি পৰাৰ পিছতেই স্থানীয় লোকে কৃতজ্ঞতা জনায় সেনা আৰু চিকিৎসকৰ দলটোক।

উল্লেখ্য যে কভিড মহামাৰীৰ সময় ছোৱাত চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ভাৰতীয় সেনাৰ চিকিৎসা বিভাগে।