জনতা ভৱনত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক প্ৰদান কৰা হ’ল ডিএছপি পদৰ নিযুক্তি পত্ৰ

নিউজ ডেস্কঃ কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰি অসম তথা সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা অসম কন্যা নয়নমণি শইকীয়াক ডিএছপি পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ল জনতা ভৱনত।

জনতা ভৱনত আয়োজিত ক্ৰীড়া পেঞ্চন দিৱসৰ বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৰ্ণজয়ী নয়নমণি শইকীয়াক নিযুক্তি পত্ৰৰ লগতে ৫০ লাখ টকাৰ চেক প্ৰদান কৰে।

উল্লেখ্য যে, অলপতে বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত ল’নবলত স্বৰ্ণজয় কৰা ভাৰতীয় মহিলা দলটোৰ অন্যতম সদস্য আছিল নয়নমণি শইকীয়া।

যাৰ সন্মান স্বৰূপে খেলুৱৈগৰাকীক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদানৰ লগতে ৫০ লাখ টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে।