জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

নিউজ ডেস্ক। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত শাসক-বিৰােধী উভয় পক্ষই কঁকালত টঙালি বান্ধিছে। ভােটযুদ্ধৰ ফলাফল ঘােষণাত এতিয়াও বহু দিন বাকী যদিও কালপুৰুষ পঞ্জিকাই আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কেইটামান গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী প্ৰকাশ কৰিছে।

পূর্ণাংগ পঞ্জিকাৰ গণনা অনুসৰি, অহা বিধানসভা নিৰ্বাচনত অসমত পুনৰ বিজেপি-মিত্রদলৰ চৰকাৰ গঠন হােৱাটাে খাটাং। অৱশ্যে পূৰ্বেতকৈ কিছু ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বিজেপিৰ বিৰােধী দলসমূহে।

কিন্তু মুখ্যমন্ত্ৰীৰ আসনক লৈ কালপুৰুষ পঞ্জিকাই দাবী কৰা মতে, পুনৰ সৰ্বানন্দ সােণােৱালৰ নেতৃত্বতে অসমত চৰকাৰ গঠন হ’ব। ৰাজ্যৰ প্রভাৱশালী মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ মুখ্যমন্ত্রী হোৱাত হয়তো বাধা আহিব।

কালপুৰুষ পঞ্জিকাৰ মতে মন্ত্রী শর্মাই সুনাম ৰক্ষা কৰিব পাৰিব আৰু দলক আৰু আগুৱাই নিব। ৰাজ্যৰ জনসাধাৰণৰ মাজত তেওঁ আকর্ষিত ব্যক্তি হৈ থাকিব যদিও মুখ্যমন্ত্ৰীত্ব লাভৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব।

লগতে চাওকঃ

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

দুঃসাহসী শিৱৰাণীৰ বাবে প্ৰাণ ৰক্ষা পৰিল কেবাজনাে বাছ যাত্ৰীৰ! নিহতৰ সংখ্যা ৫੦ অতিক্ৰম

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

নেপাল-শ্ৰীলংকাতাে চৰকাৰ গঠন কৰিব বিজেপিয়ে! ‘পৰিকল্পনা’ ফাদিল কৰিলে দলৰে মুখ্যমন্ত্ৰীয়ে

Leave a Comment