জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ বৃহৎ সফলতা! এনকাউণ্টাৰত নিহত ২ দুধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ বৃহৎ সফলতা! এনকাউণ্টাৰত নিহত ২ দুধৰ্ষ সন্ত্ৰাসবাদী

September 1, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেনা আৰু আৰক্ষীয়ে। কাশ্মীৰৰ বাৰামুল্লা জিলাৰ চুপুৰ অঞ্চলত সেনা-আৰক্ষীয়ে চলোৱা সন্ত্ৰাসবাদ বিৰোধী যুটীয়া অভিযানত নিহত হয় দুজনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।

নিহত সন্ত্ৰাসবাদী দুজন পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ সদস্য আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চুপুৰত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ বিষয়ে গোপন খবৰ লাভ কৰাৰ পিছতে সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে অঞ্চলটোত অভিযান চলায়।

এই অভিযানকালত সন্ত্ৰাসবাদীৰ দলটোৱে সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই। যাৰ ফলত সন্ত্ৰাসবাদী দুজন নিহত হয়।

নিহত সন্ত্ৰাসবাদী দুজনক চুপুৰৰ বাসিন্দা মহম্মদ ৰফি আৰু পুলৱামাৰ বাসিন্দা কাইজাৰ আশ্ৰফ বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই সংঘৰ্ষ কালত এজন সাধাৰণ নাগৰিকো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আহত লোকজনক শ্ৰীনগৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ নাগবাল অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষত লস্কৰ-এ-তৈবাৰ ৩ জন সন্ত্ৰাসবাদী নিহত হৈছিল।