নিউজ ডেস্ক। এটি ডেৰ বছৰীয়া হাতী পোৱালি। নিশা হাতীৰ জাকৰ লগত আহোতে এখন কফি বাগানৰ এটা শৌচালয়ৰ টেংকীৰ গাঁতত সোমাল পোৱালিটো। যাৰ ফলত সৰু গাঁতটোৰ পৰা ওলাই আহিব নোৱাৰিলে পোৱালিটো।
নিশা সোমাই থাকিলে গাঁতটোত। আৰু পিছদিনা প্ৰায় তিনি ঘণ্টা জোৰা অভিযানৰ অন্তত বন বিভাগে উদ্ধাৰ কৰে হাতী পোৱালিটো।
এই ঘটনা সংঘটিত হয় কৰ্ণাটকৰ কডাগো জিলাত। আৰু পোৱালিটোক উদ্ধাৰ কৰা হয় মংগলবাৰে।
এই সন্দৰ্ভত কুশলনগৰৰ বনাঞ্চলিক বিষয়া ৰাজাপ্পাই কয়, “কুশলনগৰৰ দেৱাৰাপুৰা গাৱঁত এখন কফি বাগানত এই ঘটনা সংঘটিত হয়। বাগানত থকা এটা শৌচালয়ৰ টেংকীৰ সৰু গাঁতত নিশা হাতীৰ জাকত যোৱা পোৱালিটো আৱদ্ধ হৈ পৰে। টেংকীটো কাঠেৰে ঢাকি থোৱা অৱস্থাত আছিল। নিশা হাতীৰ জাকটোৱে সেই দৃশ্য মনিব নোৱাৰাত সেই পথেৰে যাওঁতে সোমাই পৰে হাতী পোৱালিটো। টেংকীৰ গাঁতটো সৰু হোৱাৰ বাবে ওলাই আহিব নোৱাৰিলে পোৱালিটো। কিন্তু পিছদিনা ৰাতিপুৱা বাগানৰ মালিক এম এম সুব্ৰমনিয়ে পোৱালিটো গাঁতত প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। লগে লগে বন বিভাগৰ লোক উপস্থিত হয় ঘটনাস্থলীত। আৰু আৰম্ভ কৰে উদ্ধাৰ অভিযান।”
#WATCH | Karnataka: A baby elephant, who fell in a well in Kodagu, was rescued by forest department officials, earlier today pic.twitter.com/YlOfqwncrV
— ANI (@ANI) July 27, 2021
তেওঁ লগতে কয় যে, “পোৱালিটোক উদ্ধাৰ কৰিবলৈ প্ৰথমতে ট্ৰেংকুলাইজাৰ কৰাৰ কথা চিন্তা কৰা হৈছিল। কিন্তু ডেৰ বছৰীয়া পোৱালি হোৱাৰ বাবে সেইয়া কৰা নহ’ল। বিভিন্ন প্ৰক্ৰিয়াৰে পোৱালিটো তুলিবলৈ বহু চেষ্টা কৰা হয় যদিও সফল হব পৰা নাছিলো। শেষত এটা ঘৰচীয়া হাতী আনি প্ৰায় তিনি ঘণ্টা জোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় পোৱালিটো। পোৱালিটোক হাতীৰ জাকটোৱে বিচাৰি পাবলৈ সেই স্থানতে থৈ অহা হয়।”