জুলাইত ঠিক হৈছিল বিয়াৰ দিন, কৰ্তব্যৰত অৱস্থাত বজ্ৰপাতে কাঢ়ি নিলে সেনা জােৱানৰ প্ৰাণ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যৰত অৱস্থাত বজ্ৰপাতত সেনা জােৱানৰ মৃত্যু।

অহা জুলাই মাহতে নিজ গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে বিয়াত বহাৰ কথা আছিল জােৱানজনৰ। জােৱানজনৰ এনে অকাল মৃত্যুৰ ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলালে ওপজা গাঁওখনত।

শ্বহীদ জােৱানজনৰ নাম ৰাইফলমেন মনদীপ সিং নেগী। তেওঁ সেনাৰ ১১ গঢ়ৱাল ৰাইফলছত কৰ্মৰত আছিল। পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ সন্তান আছিল মনদীপ।

জানিব পৰা মতে, ভাৰত-পাকিস্তানৰ সীমান্তৱৰ্তী জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ নিয়ন্ত্ৰণ ৰেখাত স্থিত গুলমাৰ্গ অঞ্চলৰ গণেশ প’ষ্টত কৰ্তব্যৰত আছিল জােৱানজন।

তেনে সময়তে হােৱা বজ্ৰপাতৰ ঘটনাত ২৩ বছৰীয়া সেনা জোৱানৰ মৃত্যু ঘটে। শ্বহীদ জােৱানজনৰ ঘৰ উত্তৰাখণ্ডৰ গঢ়ৱালৰ চাকনৌলি গাঁৱত।

ইপিনে, ৰবিবাৰে পুৱা জােৱানজনৰ নশ্বৰ দেহ ওপজা গাঁওখনত উপস্থিত হােৱাত এক শােকাকুল পৰিৱেশৰ সৃষ্টি হয়। বিভিন্ন অঞ্চলৰ পৰা শ শ লােকে শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰে জােৱানজনৰ ঘৰত।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটেও জােৱানজনৰ শেষকৃত্যত অংশগ্ৰহণ কৰে। তেওঁ শ্বহীদ জােৱানজনৰ পিতৃ-মাতৃক সমবেদনা জ্ঞাপন কৰে।

Leave a Comment