জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ

জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ

November 11, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, নগাঁৱৰ দক্ষিণপাট নিবাসী বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ।

মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৪৩ বছৰ।

জানিব পৰা মতে, নিজ বাসগৃহতে ৰক্তচাপ জনিত ৰােগত আক্ৰান্ত হৈ বসন্ত কুমাৰ শৰ্মা।

ইয়াৰ পিছতে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কোনো সুফল লাভ নকৰাত বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে এম্বুলেঞ্চেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

কিন্তু দুৰ্ভাগ্যবশতঃ গুৱাহাটী অভিমুখে নি থকা অৱস্থাত আদবাটতে সাংবাদিক শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।

সাংবাদিকজনৰ অকাল মৃত্যুত সমগ্ৰ নগাঁৱৰ লগতে ৰাজ্যৰ সংবাদ মহলতাে শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে প্ৰয়াত শৰ্মাই পোন প্ৰথমে ‘আজিৰ বাতৰি’ৰ জৰিয়তে ১৯৯৬ত সংবাদ সেৱা আৰম্ভ কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘আজি’ কাকতৰ সংবাদদাতা, ‘দৈনিক অগ্ৰদূত’ ৰ উপ-সম্পাদক, ‘প্রাইম নিউজ’ৰ চীফ ৰিপৰ্টাৰ, ‘প্ৰাগ নিউজ’ৰ চীফ ৰিপৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ স’তে জড়িত আছিল তেওঁ।

মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, দুগৰাকী কণমানি কন্যা আৰু দুজন ভ্ৰাতৃক এৰি থৈ যায়।

সাংবাদিকজনৰ মৃত্যুত জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকা, নগাঁৱৰ বিধায়ক ৰূপক শর্মা, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, নগাঁও ইলেক্ট্রনিক মিডিয়া এছ’চিয়েছন, নগাঁও প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।