জৰিমনা হিচাপে লাভ কৰা ধনেৰে উপায়ুক্তই গঠন কৰিলে ‘কভিড কেয়াৰ’ বেংক

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত এগৰাকী আই এ এছ বিষয়া তথা ইষ্ট ছিয়াং জিলাৰ উপায়ুক্ত ড° কিন্নী সিঙৰ এক উল্লেখনীয় পদক্ষেপ।

জিলাখনৰ বিভিন্ন ব্যক্তি অথবা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা জৰিমনাৰ ধনেৰে তেওঁ গঠন কৰিলে এক ‘কভিড কেয়াৰ বেংক’। যিটো বেংকৰ দ্বাৰা কভিড আক্ৰান্ত লোক সকলক চিকিৎসা সামগ্ৰী প্ৰদান কৰি কৰা হয় সহায়।

এই সন্দৰ্ভত তেওঁ কয় যে, “আমি জিলাখনত দেখো যে গ্ৰাম্য অঞ্চলৰ বহুতো লোকে ক’ভিড পৰীক্ষা কৰা নাছিল। কিন্তু ক’ভিড পৰীক্ষা কৰাৰ পিছত সৰহ সংখ্যক লোকৰে দেহত ক’ভিড পজিতিভ ধৰা পৰে। সেই সকলৰ বেছি ভাগেই আছিল লক্ষণ বিহীন। কিছুমান আছিল সামান্য লক্ষণ যুক্ত। লগে লগে সকলোকে হ’ম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হয়। কিন্তু তেতিয়া এইটো লক্ষ্য কৰো যে তেওঁলোকৰ হাতত নিজৰ উষ্ণতা, অক্সিজেন আদি জুখিবলৈ নাছিল কোনো যন্ত্ৰ। সেয়েহে আমি জিলা কভিড ক’ৰ কমিটীৰ বৈঠকত এটা চিন্তা কৰিলো যে লকডাউনৰ সময়ছোৱাত আইন ভংগকাৰী সকলৰ পৰা লাভ কৰা জৰিমনাৰ ধনেৰে কভিড আক্ৰান্ত সকলক কিছু স্বাস্থ্য পৰীক্ষাৰ যন্ত্ৰৰ বিনামূলীয়াকৈ যোগান ধৰিম। আৰু তেওঁলোক কভিড নিগেটিভ হোৱাৰ পিছত সেই সমূহ ঘূৰাই দিব। সেই অনুসৰি জৰিমনা হিচাপে লাভ কৰা ৩.২৪ লাখ টকাৰে ক্ৰয় কৰিলো থাৰ্মমিটাৰ, অক্সিমিটাৰ, মাস্ক, চেনিটাইজাৰ আদি। আৰু সেই সমূহ আক্ৰান্ত সকলক যোগান ধৰো। গাৱঁৰ জনসাধাৰণৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ পোনপটীয়াকৈ জড়িত বাবে প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়ত একোটাকৈ ‘কভিড কেয়াৰ বেংক’ স্থাপন কৰা হয়। আৰু আক্ৰান্ত সকলক তাৰ পৰাই চিকিৎসা সামগ্ৰীসমূহ যোগান ধৰা হয়। আৰু কভিড নিগেটিভ হোৱাৰ পিছত তেওঁলোকে পুনৰ সেই বেংকত ঘূৰাই দিয়ে যন্ত্ৰসমূহ। আমাৰ লগত আছে ৮ টা ৰাজহ চক্ৰৰ কাৰ্যালয়। প্ৰতিটো কাৰ্যালয়ত আছে ৭০ থাৰ্মমিটাৰ, ৩৫ অক্সিমিটাৰ, মাস্ক, চেনিটাইজাৰ আৰু একোটাকৈ অক্সিজেন চিলিণ্ডাৰ।”

তেওঁ লগতে কয় যে, “এই পদক্ষেপৰ মূল কাৰণ হল আক্ৰান্ত সকল যাতে সঠিক আৰু সুস্থভাৱে হ’ম কোৱাৰেণ্টাইনত থাকিব পাৰে। আমি লকডাউনৰ সময়ত জৰিমনা লাভ কৰা ৮০% ই আছিল বিধি ভংগকাৰী। যিসকলে মাস্ক পৰিধান নকৰা বা ৰাজহুৱা স্থানত পিক পেলাইছিল তেওঁলোকক ৫০০ টকাৰ জৰিমণা আৰু যি সকল ব্যৱসায়িক প্ৰতিষ্ঠানে বিধি ভংগ কৰিছিল তেওঁলোকক বিহা হৈছিল ২০০০ টকা। আমাক এই ক্ষেত্ৰত ভিজন আই এ এছ নামৰ এক কচিং প্ৰতিষ্ঠানে অক্সিজেন কনচেণ্ট্ৰেটেটৰ প্ৰদান কৰি সহায় কৰিছে। সক্ষম সকলো লোককে আমি সাহাৰ্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো।”

উল্লেখ্য যে বিষয়া গৰাকীৰ এই পদক্ষেপক সকলোৱে কৰিছে প্ৰশংসা।

Leave a Comment