টকিঅ’ত ব্ৰঞ্জ পদক জয়েৰে ইতিহাস গঢ়িলে অসম কন্যা লাভলীনাই

নিউজ ডেস্ক। অলিম্পিকত ব্ৰঞ্জ পদক জয়েৰে ইতিহাস গঢ়িলে অসম কন্যা লাভলীনা বৰগােহাঁইয়ে।

বুধবাৰে বিশ্বৰ শীৰ্ষ বক্সাৰ তুৰস্কৰ বুছেনাজ চুৰমেনেলীৰ বিৰুদ্ধে ৬৯ কেজি শাখাত ছেমি ফাইনেলত খেলত অৱতীৰ্ণ হয় লাভলীনা।

অৱশ্যে তুৰস্কৰ বক্সাৰ গৰাকীৰ আক্ৰমণত একপ্ৰকাৰ ধৰাশায়ী হয় লাভলীনা।

তুৰস্কৰ বক্সাৰগৰাকীৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয় লাভলীনা।

মেচখনত পৰাস্ত হ’লেও লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক সুনিশ্চিত কৰে।

উল্লেখ্য যে লাভলীনা বৰগােহাঁই অসমৰ পৰা অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰা তথা পদক লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।

Leave a Comment