টিকট অবিহনে ৰে’লত যাত্ৰা কৰিছিল ২০ আৰক্ষী, জৰিমনা আদায় দিবলৈও হ’ল অমান্তি! তাৰ পাছত…

নিউজ ডেস্ক। একাংশ লােকে নিজৰ পদ মৰ্যাদা লাঘৱ কৰি আইন হাতত তুলি লােৱা ঘটনা কােনাে নতুন কথা নহয়। কিন্তু এইবাৰ নিজেই আইন ভংগ কৰি আইনৰ ৰােষত পৰিল ২੦ জনকৈ আৰক্ষীৰ লােক।

জানিব পৰা মতে, ৰে’লত টিকট অবিহনে যাত্ৰা কৰােঁতে টিটইৰ হাতত ধৰা পৰিছিল ২੦ জনকৈ আৰক্ষীৰ লােক। কিন্তু আইন মতে নিৰ্ধাৰিত জৰিমনা আদায় দিয়াৰ পৰিৱৰ্তে তেওঁলােকে ওলােটাই ভাবুকিহে দিয়ে টিটইজনক।

এজন আৰক্ষীয়ে আনকি কৈছিল যে জৰিমনা আদায় কৰি টিটইজন ৰে’লমন্ত্ৰী আসন পাব নেকি?

ইপিনে, কোনো লােকে সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেক’ৰ্ডিং কৰে আৰু ইয়াক সামাজিক মাধ্যমত আপলোড কৰে। ইয়াৰ পিছত এই ঘটনা ভিডিঅ’ ভাইৰেল হৈ পৰে।

জানিব পৰা মতে, দিল্লীৰ পৰা ৰাজগিৰলৈ যাত্ৰা কৰা শ্ৰমজীৱী এক্সপ্ৰেছত লক্নৌৰ পৰা বেৰেলিৰ মাজত টিটইয়ে টিকট বিহীন ভাৱে যাত্ৰা কৰা যাত্ৰীৰ অভিযান চলায়।

এই অভিযানত টিকট অবিহনে মুঠ ৪৫ জন যাত্ৰীক ধৰা পেলাৱা হয়। ইয়াৰ মাজত ২০ জন লােকে আছিল যিয়ে আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি আছিল।

ভাইৰেল ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনূুসৰি, এই আৰক্ষীসকলে টিটিইৰ সৈতে তৰ্ক যুদ্ধ লিপ্ত হৈছে।

অৱশ্যে, খাকী পােছাকধাৰী এই লােককেইজনৰ ভয়-ভাবুকিৰ পাছতাে কৰ্তব্যৰক্ষ টিটই আৰু ৰে’ল আৰক্ষীৰ লােকে বিচলিত হােৱা নাছিল। নিৰ্ধাৰিত জৰিমনা আদায় কৰাৰ পিছতহে সকলোকে ৰে’লৰ পৰা নমাই দিয়া হয়।

জানিব পৰা মতে, ৰে’ল বিভাগে মুঠ ২২৩৫০ টকাৰ জৰিমনা আদায় কৰে এই আৰক্ষী লােক কেইজনৰ পৰা।

লগতে চাওকঃ

এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

শােকাৱহ! বিয়াৰ পিছদিনাই ন-কইনাৰ চকুৰ সন্মুখতে আকস্মিক মৃত্যু দৰাৰ

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

Leave a Comment