ঠিকাদাৰৰ বিলৰ ধন ধন মুকলি কৰাৰ বাবদ ধন দাবী কৰি গ্ৰেপ্তাৰ সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া

ঠিকাদাৰৰ বিলৰ ধন ধন মুকলি কৰাৰ বাবদ ধন দাবী কৰি গ্ৰেপ্তাৰ সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া

September 14, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হলেও এতিয়াও গা লৰা নাই একাংশৰ। দৰমহাৰ টকা কেইটাৰ বাহিৰেও দুটা অধিক উপাৰ্জনৰ লালসাত দুৰ্নীতিৰ আশ্ৰয় লোৱা আন এগৰাকী চৰকাৰী কৰ্মচাৰী এইবাৰ জালত পৰিল দুৰ্নীতি নিবাৰক শাখাৰ।

এইবাৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দৰং জিলাৰ ধূলা গাঁও পঞ্চায়তৰ সচিব তথা সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়াক। উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীজন।

উল্লেখ্য যে, ঠিকাদাৰৰ পৰা বিলৰ ধন মুকলি কৰাৰ অজুহাতত অবৈধভাৱে ধন দাবী কৰিছিল সুজিত ঠাকুৰীয়াই। বুধবাৰে সেই ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ঘোচখোৰ চৰকাৰী কৰ্মচাৰীজনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত টুইটাৰযোগে সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।