ডক্টৰেট হ’ল অভিনেত্ৰী গায়ত্ৰী মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি এইচ ডি ডিগ্ৰী লাভ

ডক্টৰেট হ’ল অভিনেত্ৰী গায়ত্ৰী মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি এইচ ডি ডিগ্ৰী লাভ

December 1, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ আৰু অভিনেত্ৰী গায়ত্ৰী মহন্তৰ পৰিয়াললৈ আহিল আন এক সুখবৰ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট (PhD) ডিগ্ৰী লাভ কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত পি এইচ ডি ডিগ্ৰী লাভ কৰে গায়ত্ৰী মহন্তই।

ফেচবুক পোষ্টৰ জৰিয়তে এই কথা শ্বেয়াৰ কৰি গায়ত্ৰী মহন্তক শুভেচ্ছা জ্ঞাপন কৰিছে স্বামী পবিত্ৰ মাৰ্ঘেৰিটাই।

নৃত্য, অভিনয়ৰ লগতে তিনিটা সন্তানৰ সৈতে অপাৰ সাংসাৰিক ব্যস্ততাৰ মাজতো একাগ্ৰতা, অধ্যৱসায়েৰে অধ্যয়ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰা অভিনেত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে অনুৰাগীয়ে।