তালিবানী শাস্তি! ট্ৰাকৰ পৰা ঘেঁহু চুৰি কৰাৰ বাবেই বনেটত বান্ধি থানালৈ লৈ যোৱা হ’ল চোৰক…

তালিবানী শাস্তি! ট্ৰাকৰ পৰা ঘেঁহু চুৰি কৰাৰ বাবেই বনেটত বান্ধি থানালৈ লৈ যোৱা হ’ল চোৰক…

December 12, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ট্ৰাকৰ পৰা ঘেঁহুৰ বস্তা চুৰি কৰাৰ অপৰাধত তালিবানী শাস্তি প্ৰদান কৰা হ’ল এজন লোকক।

শেহতীয়াকা পঞ্জাৱত সংঘটিত এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, পঞ্জাৱৰ মুক্তিছাৰ জিলাত এজন ব্যক্তিয়ে এখন ট্ৰাকৰ পৰা চুৰি কৰিছিল দুই বস্তা ঘেঁহু।

কিন্তু চুৰি কৰি ধৰা পৰাৰ পিছতে ট্ৰাক চালকে ব্যক্তিজনক ট্ৰাকৰ বনেটত ৰছীৰে বান্ধি থানালৈ লৈ যায়।

দেওবাৰে ভাইৰেল হৈ পৰা এই ঘটনাৰ ভিডিঅ’টোত ট্ৰাকখনৰ সন্মুখৰ বনেটত এজন ব্যক্তিক ৰছীৰে বান্ধি থোৱা দেখা পোৱা গৈছে।

সেই ব্যক্তিজনৰ কাষতে বহি আছে ট্ৰাকৰ সহায়কাৰীজন।

ইফালে ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে মুক্তিছাৰ আৰক্ষীয়ে।