তাৰিখ পে তাৰিখ! আদালতৰ নতুন তাৰিখত অসন্তুষ্ট হৈ আচবাব ভাঙিলে গুচৰীয়াই

নিউজ ডেস্ক। বলিউড অভিনেতা চানী দেউলৰ জনপ্ৰিয় ডায়লগ আছিল ‘তাৰিখ পে তাৰিখ’।

দামিনী ছবিত তেওঁ কৰা সেই মন্তব্য জনপ্ৰিয় হৈ পৰিছিল সকলোতে।

ছবিখনত চানী দেউলে এজন সুৰাসক্ত উকীলৰ ভূমিকাত অভিনয় কৰিছিল। য’ত তেওঁ ন্যায়ৰ বাবে এটা গোচৰ পুনৰ মুকলি কৰি যুঁজ দিছিল। আৰু তাত তেওঁ আদালতে বাৰে বাৰে পৰৱৰ্তী তাৰিখ ঘোষণা কৰাক লৈ অতিষ্ঠ হৈ পৰি সেই মন্তব্য কৰিছিল।

এইবাৰ বাস্তৱতে দেখা গ’ল তেনে এক দৃশ্য।

পুনৰ নতুন তাৰিখ ঘোষণাৰ বাবে আদালতৰ ভিতৰত চানী দেউলৰ সেই জনপ্ৰিয় ডায়লগ চিঞৰি আদালতৰ আচবাব ভংগ কৰিলে এজন গুচৰীয়াই।

ন্যায় প্ৰদানত বিলম্ব হোৱাত ক্ষোভতে এনে কাৰ্য কৰে গুচৰীয়াজনে।

তেওঁ আদালতৰ কম্পিউটাৰ আৰু সা-সামগ্ৰী ভাঙি পেলাই। এই ঘটনা যোৱা ১৭ জুলাইত সংঘটিত হয় দিল্লীৰ কাকৰডুমা আদালতৰ ৬৬ নং আদালত কক্ষত।

জানিব পৰা মতে, গুচৰীয়াজনৰ নাম ৰাকেশ। তেওঁ দিল্লীৰ শাস্ত্ৰী নগৰৰ বাসিন্দা।

তেওঁ ২০১৬ চনৰ পৰা এটা গোচৰৰ ন্যায় পাবলৈ ৰৈ থাকিব লগীয়া হৈছে। প্ৰতিবাৰেই তেওঁ আদালতলৈ ন্যায় পাম বুলি আহে যদিও প্ৰতিবাৰেই তেওঁ নতুন তাৰিখ লৈহে উভতি যাব লগা হয়।

দীৰ্ঘদিন এনে হোৱাত ৰাকেশ ক্ষোভিত হৈ পৰে। যাৰফলত ১৭ জুলাইত পুনৰ নতুন তাৰিখ দিয়াত তেওঁ ‘তাৰিখ পৰ তাৰিখ’ বুলি চিঞৰি আদালত কক্ষৰ আচবাব ভংগ কৰে।

এই ঘটনাৰ পিছতেই আদালতৰ কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি গ্ৰেপ্তাৰ কৰে তেওঁক।

আৰক্ষীয়ে ৰাকেশক আইনৰ কেইবাটাও ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি হাজিৰ কৰায় দণ্ডাধীশৰ সন্মুখত আৰু তেওঁক ন্যায়িক জিম্মাত বিচাৰে।

Leave a Comment