তীব্ৰবেগী অ’ডিৰ খুন্দাত বিধ্বস্ত অটােৰিক্সা, আটক চালকসহ ৩ জন

তীব্ৰবেগী অ’ডিৰ খুন্দাত বিধ্বস্ত অটােৰিক্সা, আটক চালকসহ ৩ জন

June 29, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বিলাসী অ’ডি গাড়ীৰ খুন্দাত মৃত্যু হ’ল এজন অটোৰিক্সাৰ যাত্ৰীৰ।

এই দুৰ্ঘটনাৰ স্থান তেলেংগানাৰ হায়দৰাবাদৰ চাইবাৰাবাদ।

বৰষুণত তিতি থকা পথত অ’ডি গাড়ীখনে অটোৰিক্সাত খুন্দা মৰাৰ দৃশ্যটো মঙলবাৰে চাইবাৰাবাদ ট্ৰেফিক আৰক্ষীয়ে মুকলি কৰে। পথ দুৰ্ঘটনাৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

২৯ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা অনুসৰি, বৰষুণত তিতি আছে ৰাজপথ। তেনেতে এখন বিলাসী অডি গাড়ী আহিছে দ্ৰুত গতিত। আৰু পিছফালৰ পৰা চলন্ত অৱস্থাত থকা এখন অটোৰিক্সাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে গাড়ীখনে।

অটোৰিক্সাখন নিয়ন্ত্ৰণহীনভাৱে কেইবা পাক ঘূৰি পথৰ কাষত পৰেগৈ। কিন্তু অডি গাড়ীখন সেই স্থানত নৰয়। তাৰ পৰিৱৰ্তে গুচিহে যায় গাড়ীখন।

আৰক্ষীয়ে জনোৱা অনুসৰি, গাড়ীখনৰ চালক, সহযাত্ৰী আৰু বিলাসী বাহনখনৰ চালকজনৰ দেউতাকক গ্ৰেপ্তাৰ কৰা হয়। যিসকলে সুৰাৰ নিচাত মাতাল হৈ এটা পাৰ্টিৰ পৰা উভতি আহিছিল।

তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু যান বাহন আইনৰ একাধিক ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে। দুৰ্ঘটনাটোত অটোৰিক্সাত থকা যাত্ৰীজন থিতাতে নিহত হয়।

উল্লেখ্য যে চাইবাৰাবাদ ট্ৰেফিক আৰক্ষীয়ে পথ সুৰক্ষা সজাগতাৰ ওপৰত চলি থকা শৃংখলাৰ অংশ হিচাপে এই দুৰ্ঘটনাৰ ভিডিঅ’টো টুইটাৰত মুকলি কৰে।

আৰক্ষীয়ে কয় যে সুৰাপান কৰি অত্যধিক গতিত গাড়ী চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।