তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী, দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰীৰ থিতাতে মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ মৃত্যুৰ কিৰিলি।

পথ দুৰ্ঘটনাত পুনৰ অকালতে প্ৰাণ গ’ল দুটি নিষ্পাপ শিশুসহ এগৰাকী শিক্ষয়িত্ৰীৰ।

এইবাৰ ঘটনাৰ স্থান বাক্সা জিলাৰ ভাৰত-ভূটানৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ সংখ্যা ১২৭।

photo-2022-01-25-16-53-16

বাক্সা জিলাৰ দাওধাৰাত তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰােহী শিক্ষয়ত্ৰী, দুই ছাত্ৰীক।

ভূটান অভিমুখে গৈ থকা ট্ৰাকৰ খুন্দাত নিহত হয় তিনিওজন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে- NL 01-AC 3094।

vlcsnap-2022-01-25-18h27m13s526

বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত দাওধাৰাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত মৃত্যু হয় ৰিজিনা কুজুৰ (২৫) নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ।

এই দুৰ্ঘটনাত ক্ৰিষ্টিনা দৈমাৰী (৯)ৱ আৰু ভাৰলীনা ব্ৰহ্ম (৯) নামৰ দুগৰাকী কণমানি ছাত্ৰীৰো মৃত্যু।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত শিমলা আৰক্ষী উপস্থিত হয়।

ইপিনে, ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

উত্তেজিত হৈ পৰে একাংশ লােকে ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনােৱাৰ লগতে শিমলা থানাৰ সন্মুখতে ৰখাই থােৱা ট্ৰাকখনত অগ্নিসংযােগ কৰে।

অৱশ্যে আৰক্ষীয়ে ততালিকে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ইউ জি ব্ৰহ্মই এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে নিহতৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস দিয়ে।

মন্ত্ৰীগৰাকীয়ে স্থানীয় আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযােগ থকা বুলি কৈ এই বিষয়ে মুখ্যমন্ত্ৰীক ব্যৱস্থা ল’বলৈ অনুৰােধ জনােৱাৰ কথা প্ৰকাশ কৰে।

লগতে চাওকঃ

২২ মহীয়া শিশুৱে অনলাইনত অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

G8

অসমৰ ধৃতিষ্মানক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান

G9

Leave a Comment