তীব্ৰবেগী পালছাৰ বাইকৰ খুন্দাত যােগ প্ৰশিক্ষকৰ মৃত্যু

নিউজ ডেস্ক। কামৰূপ জিলাৰ ৰঙিয়াৰ তুলসীবাৰীত মংগলবাৰে নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়।

জানিব পৰামতে, তুলসীবাৰীৰ কাৰ্তিক দেৱনাথ (৪৮) নামৰ লোকজনে ঘৰ অভিমুখে গৈ থকাৰ সময়তে ৰঙিয়াৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী এইচ এল ০৫ এইচ ২৬২৩ নম্বৰৰ পালছাৰে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে তেওঁৰ থিতাতে মৃত্যু হয়।

1

কাৰ্তিক দেৱনাথ এগৰাকী যোগ প্ৰশিক্ষক হোৱাৰ উপৰৰি ৰঙিয়াত এখন কাপোৰৰ দোকান চলাই আছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এগৰাকী কন্যাক এৰি যায়।

2

সৰবৰহী কাৰ্তিক দেৱনাথৰ অকাল মৃত্যুত তুলসীবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

গুৱাহাটী ৰে’ল ষ্টেচনত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ মৃত্যু…

G1

Leave a Comment