তুৰাৰ পৰা শ্বিলং অভিমুখী হেলিকপ্টাৰৰ দক্ষিণ কামৰূপত জৰুৰী অৱতৰণ

নিউজ ডেস্ক। বৃহস্পতিবাৰে সন্ধিয়া হঠাতে হুৱা-দুৱা লাগিল কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন জাৰিহাট অঞ্চলত।

জাৰিহাটৰ খেলপথাৰত জৰুৰীভাৱে অৱতৰণ কৰিলে এখন হেলিকপ্টাৰে। পাইলটৰ উপৰিও হেলিকপ্টাৰখনত আছিল সহ ৩জন যাত্ৰী। হেলিকপ্টাৰখন মডেল VT- ARB ।

ঘটনাৰ খবৰ লাভ কৰি কিছু সময় পাছতে তাত উপস্থিত হ’ল বকাে আৰক্ষীও। ভিৰ কৰিলে বহু স্থানীয় লােকে।

জানিব পৰা মতে, এই হেলিকপ্টাৰখন মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰিছিল।

শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া এটা চৰকাৰী কাৰ্যসূচীত অনুশীলনৰ বাবে ৰাওনা হৈছিল।

হেলিকপ্তাৰখনৰ পাইলট কেপ্টেইন অমিতাভ ৰঞ্জনে জনােৱা মতে, যাত্ৰাপথতে প্ৰতিকূল বতৰৰ লগতে যান্ত্ৰিক বিজুতিৰ বাবেই হেলিকপ্টাৰখনক নিৰাপদভাৱে অৱতৰণ কৰায়।

Leave a Comment