তৃতীয় মহলাৰ ওপৰৰ বাৰাণ্ডাৰ পৰা পৰি ডেৰ বছৰীয়া শিশুৰ মৃত্যু

তৃতীয় মহলাৰ ওপৰৰ বাৰাণ্ডাৰ পৰা পৰি ডেৰ বছৰীয়া শিশুৰ মৃত্যু

November 29, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰৰ পৰা কৰ্তব্যস্থলীলৈ ৰাওনা হােৱা পিতৃক বিদায় দিবলৈ গৈ তিনি মহলাৰ পৰা পৰি মৃত্যু ডেৰ বছৰীয়া শিশুৰ।

এই শোকাৱহ ঘটনাটো শনিবাৰে সংঘটিত হয় মধ্য প্ৰদেশৰ ভূপালৰ দুৰ্গা নগৰ চেমৰাত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শিশুটিয়ে দেউতাকক কৰ্তব্যস্থলীলৈ যাওঁতে বিদায় দিবলৈ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ সৈতে বাৰাণ্ডালৈ আহিছিল। কিন্তু হঠাতে তেওঁ তিনি মহলৰ ওপৰৰ ৰেলিঙৰ মাজৰ পৰা পিছলি পৰি মৃত্যুবৰণ কৰে।

খবৰ অনুসৰি, শ্বাজাপুৰৰ বাসিন্দা ৰাজেন্দ্ৰ বিশ্বকৰ্মাই আচবাব কৰ্মী হিচাপে কাম কৰে। তেওঁ তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে ভূপালৰ দুৰ্গা নগৰ চেমৰাত ভাড়াত বাস কৰে।

ৰাজেন্দ্ৰই শনিবাৰে ৰাতিপুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা আন দিনাৰ দৰে কামলৈ যাবলৈ ওলাইছিল।

তেওঁৰ ডেৰ বছৰীয়া পুত্ৰ বিহান বিশ্বকৰ্মাৰ লগতে তেওঁৰ পাঁচ বছৰীয়া জ্যেষ্ঠ ভাতৃ আৰু মাতৃৰ সৈতে তেওঁক বিদায় দিবলৈ বাৰাণ্ডালৈ আহিছিল।

বিহানে বাৰাণ্ডাৰ ৰেলিঙত উঠি বিদায় দিছিল। তেনেতে তেওঁ হঠাতে ৰেলিঙৰ মাজৰ ফাঁকৰ পৰা তললৈ বাগৰি পৰে। তেওঁ মূৰ আৰু শৰীৰৰ আন অংশত গুৰুতৰ আঘাত পায়।

পৰিয়ালটোৱে তেওঁক তাৎক্ষণিকভাৱে হামিদিয়া চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।