তৃষ্ণাৰ্ত পথৰ কুকুৰক পানী খুৱালে আৰক্ষী জোৱানে! সামাজিক মাধ্যমত ভাইৰেল দৃশ্য

তৃষ্ণাৰ্ত পথৰ কুকুৰক পানী খুৱালে আৰক্ষী জোৱানে! সামাজিক মাধ্যমত ভাইৰেল দৃশ্য

May 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কোৰোনাৰ গ্ৰাসত পৰি নানা সংকটৰ সন্মুখীন হৈছে মানুহ। কৰবাত চিকিৎসক নাই, কৰবাত নাই চিকিৎসালয়ৰ বিছনা।

দেশজুৰি অক্সিজেনৰ হৈছে নাটনি। এনে সময়ত কোনোৱে আনৰ বাবে ভাবিবলৈ যেন আহৰি নাই। কিন্তু তেনে সময়তে এক দৃশ্যই সকলোকে কৰিছে মোহিত।

সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যটোৱে আপোনাক কিছু ক্ষণৰ বাবে হলেও যোগাব উৎসাহ। দৃশ্যটো সাধাৰণ যেন লাগিলেও বৰ্তমান সময়ত ই হৈ পৰিছে এক প্ৰাসংগিক। যিটো দৃশ্যই মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

দৃশ্যটোত দেখা অনুসৰি, এটা পথৰ কুকুৰক টিউবল মাৰি পানী খুৱাইছে এজন আৰক্ষীয়ে। দৃশ্যটো উত্তৰ প্ৰদেশৰ বাৰাণসীৰ। বিগত সময়ত কোৰোনাৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে অঞ্চলটোত জাৰি হৈছিল নৈশ সান্ধ্য আইন।

সেই সময়ত বন্ধ আছিল সকলো। সেই অনুসৰি ৰাতি তহল দিছিল এজন আৰক্ষীয়ে। আৰু সেই সময়তে তৃষ্ণাৰ্ত অৱস্থাত থকা এটা পথৰ কুকুৰক টিউবল মাৰি পানী খুৱালে আৰক্ষী কৰ্মীজনে।

এগৰাকী আই পি এছ বিষয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।