ত্ৰিপুৰাত শ্বহীদ BSF জােৱানৰ পৰিয়াললৈ ১ কােটি টকাৰ ‘সন্মান নিধি’ প্ৰদানৰ ঘােষণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

ত্ৰিপুৰাত শ্বহীদ BSF জােৱানৰ পৰিয়াললৈ ১ কােটি টকাৰ ‘সন্মান নিধি’ প্ৰদানৰ ঘােষণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

August 21, 2022 Off By NEWS DESK

নিউজ ডেস্ক। যােৱা ১৯ আগষ্টত ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুদূৰ খাংলাং সীমান্ত চকীৰ সমীপত উগ্ৰবন্থীৰ আকস্মিক আক্ৰমণত শ্বহীদ হয় ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ হেড কনিষ্টবল গিৰিজেশ কুমাৰ উড্ডে।

দেশমাতৃৰ সুৰক্ষাৰ বাবে চৰম ত্যাগ কৰা মধ্যপ্ৰদেশৰ মাণ্ডা জিলাৰ জাৰগাঁৱৰ বাসিন্দা গিৰিজেশ কুমাৰ উদেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মধ্য প্ৰদেশ চৰকাৰে।

কাঞ্চনপুৰ মহকুমাৰ সীমা-দ্বিতীয় আউটপোষ্ট এলেকাত বিএছএফৰ এটা টহলদাৰী দলে অভিযান চলাই থকাৰ সময়তে বাংলাদেশৰ ফালৰ পৰা গুলীচালনা কৰে উগ্ৰপন্থীয়ে।

এই ঘটনাতে বিএছএফৰ জােৱানজন শ্বহীদ হয়। এই ঘটনাত আন এগৰাকী বিএছএফ জােৱান গুলীবিদ্ধ হয়।

মধ্য প্ৰদেশৰৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটৰ জৰিয়তে শ্বহীদ জােৱানজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেঁও লগতে ঘােষণা কৰে যে জােৱানজনৰ পৰিয়াললৈ মধ্য প্ৰদেশ চৰকাৰে ১ কােটি টকাৰ ‘সন্মান নিধি’ প্ৰদান কৰাৰ লগতে তেওঁৰ নামত চৰকাৰী অনুষ্ঠানৰ নামকৰণ কৰা হ’ব।

ইয়াৰ লগতে জােৱানজনৰ পৰিয়ালৰ সন্মতিসাপেক্ষে তেওঁৰ প্ৰতিমূৰ্তিও স্থাপন কৰিব ৰাজ্য চৰকাৰে।

উল্লেখ্য যে উগ্ৰপন্থীৰ আক্ৰমণত ৪টা গুলী লাগে বিএছএফৰ ১৪৫ বেটেলিয়ানৰ হেড কনিষ্টবল গিৰজেশ কুমাৰ উড্ডেৰ শৰীৰত।

ইফালে এই ঘটনাৰ পিছতে ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ সৈতে আলোচনা কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ যাৱতীয় ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।