তৎপৰ প্ৰশাসন! মুকলি স্থানত বিদ্যালয়ৰ প্রাতঃসভা বন্ধৰ নিৰ্দেশ

তৎপৰ প্ৰশাসন! মুকলি স্থানত বিদ্যালয়ৰ প্রাতঃসভা বন্ধৰ নিৰ্দেশ

August 10, 2022 Off By NEWS DESK

নিউজ ডেস্ক। উৎকট গৰমৰ মাজতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত প্ৰখৰ ৰ’দত প্ৰায় এঘন্টা সময় থিয় হৈ থকাৰ পিছত অসুস্থ হৈ গুৱাহাটী মহানগৰীৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পুৱাৰ সমূহীয়া প্ৰাৰ্থনা মুকলি ঠাইত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে।

ইয়াৰ পৰিৱৰ্তে শ্ৰেণীকোঠাৰ ভিতৰতে সমাপন কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক তথা সৰ্বশিক্ষা মিছনৰ জিলা মিছন সমন্বয়কে কামৰূপ মহানগৰ জিলাৰ প্ৰতিখন চৰকাৰী, প্ৰাদেশীকৃত আৰু বেচৰকাৰী বিদ্যালয়ৰ অধ্যক্ষ তথা প্রধান শিক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰে।

অৱশ্যে বিদ্যালয়ৰ বিশেষ দিনৰ ক্ষেত্ৰত পুৱাৰ সমূহীয়া প্ৰাৰ্থনা খেলপথাৰ নতুবা প্ৰাৰ্থনাস্থলীতে কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰে।

উল্লেখ্য যে সােমবাৰে গুৱাহাটী মহানগৰীৰ কালাপাহাৰৰ নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰী প্ৰচণ্ড ৰ’দত পুৱাৰ সামূহিক প্ৰাৰ্থনা কৰি থকা সময়তে অসুস্থ হৈ পৰৱৰ্তী পৰ্যায়ত মৃত্যুক আঁকোৱালি লয়।

এই ঘটনাৰ পাছতেই সতৰ্ক হৈ পৰে চৰকাৰ আৰু কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে পুৱাৰ সামূহিক প্ৰাৰ্থনা সন্দৰ্ভত নতুন নির্দেশনা জাৰি কৰে।