দিব্যাংগ অভিনেতা মজিবৰ ৰহমান ওৰফে জৰ্জৰ দেহাৱসান

দিব্যাংগ অভিনেতা মজিবৰ ৰহমান ওৰফে জৰ্জৰ দেহাৱসান

January 22, 2022 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে দিব্যাংগ অভিনেতা মজিবৰ ৰহমান ওৰফে জৰ্জে।

মৃত্যুৰ সময়তে তেওঁৰ বয়স আছিল ৫৫ বছৰ।

উল্লেখ্য যে মজিবৰ ৰহমান ওৰফে জৰ্জ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত মাৰৈ গাওঁ নিবাসী।

2

বৃক্ক ৰােগত ভুগি থকা শিল্পীগৰাকীয়ে শুকুৰবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে।

সৰবৰহী শিল্পী গৰাকীৰ মৃৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ অঞ্চলটােত গভীৰ শোঁকৰ ছাঁ পৰে।

চিলাই কাম কৰা জৰ্জে ভালেকেইখন দূৰদৰ্শনৰ ধাৰাবাহিক, ভিডিঅ’ ছবি, টেলিফিল্মত হাস্য-ব্যঙ্গ চৰিত্ৰত অভিনয় কৰিছিলি।

বিশেষকৈ বুলবুল হুছেইনৰ ‘খাপলাংকাই’ নামৰ জনপ্ৰিয় ধাৰাবাহিকতো ভুমুকি মাৰিছিল।

দিনৰ দুই বজাত শিল্পী গৰাকীৰ জানাজা নামাজ সম্পন্ন হয়।

মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে ককায়েক, ভতিজা, নাতি-নাতিনী আৰু অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

গৰুক গো-মাতা বুলি পূজা কৰা বিজেপিৰ নেতাই উজনি অসমত চলাই আহিছিল গৰুৰ ছিণ্ডিকেট! অৱশেষত গ্ৰেপ্তাৰ

G7