দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে ভিভিআইপিৰ নিৰাপত্তাত নিয়োজিত হ’ল অসমৰ ৪ বীৰাংগনা…

দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে ভিভিআইপিৰ নিৰাপত্তাত নিয়োজিত হ’ল অসমৰ ৪ বীৰাংগনা…

October 10, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে দেশৰ ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈছে অসমৰ ৪ গৰাকীকৈ সুযোগ্য যুৱতীয়ে।

কঠোৰ অনুশীলনেৰে ইতিমধ্যে বিশেষ ব্যক্তিসকলৰ নিৰাপত্তাৰ বাবে নিজকে সাজু কৰি তুলিছে অসমৰ বীৰাংগনা কেইগৰাকীয়ে।

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌৰদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে শীৰ্ষতম পদত অধিষ্ঠিত হৈ থকা বিশেষ ব্যক্তিসকলৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰিছে অসম কন্যা ধেমাজিৰ চিচিবৰগাঁও-চুমনী গাঁৱৰ ই ৰাণী চুতীয়া, ধেমাজিৰ এৰাধলৰ হেপী বুঢ়াগোঁহাই, শিৱসাগৰ জিলাৰ কল্পনা দাস আৰু সোণাপুৰৰ জ্যোতি বৰাই।

উল্লেখ্য যে, ২০১৯ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত দিল্লীত অনুষ্ঠিত আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল অসমৰ ৪১ গৰাকী যুৱতী আৰু প্ৰায় ৮৪ গৰাকী যুৱকে।

দিল্লী আৰক্ষীলৈ যোগ্যতা অৰ্জন কৰা সকলৰ ভিতৰত আছে ই ৰাণী, কল্পনা, হেপী আৰু জ্যোতিও।

ইতিমধ্যে প্ৰশিক্ষণ সম্পন্ন হৈছে তেওঁলোকৰ। তাৰ পিছতে আৰক্ষীৰ বিশেষ বেটেলিয়ানৰ পৰা চাৰিওগৰাকী যুৱতীক বাচনি কৰা হয় ভিভিআইপিৰ নিৰাপত্তাৰ বাবে।